পিউৰিটান্ (১৬২০-১৬৬০) এই তিনিও যুগৰ সমনীয়া। আনন্দৰ
বিষয়, এই বৈষ্ণৱ যুগৰ অসমীয়া সাহিত্যই ইংৰাজী সাহিত্যৰ
সেই তিনিও যুগৰ ঘাই গুণ আৰু লক্ষণবিলাক সামৰি লৈছে।
পোনতে, ৰেণেছেঞ্চ্, যুগৰ দৰেই অসমৰৰ এই বৈষ্ণৱ যুগ পৰিবৰ্তনৰ
আগ্নেয়গিৰিৰ যুগ বুলিব পাৰি, কিয়নো লেবাৰটাইনে কবৰ দৰে এই
যুগতে মানুহে চকু মেলিলে আৰু দেখিলে, নিজক আৰু বিশ্বক
বিচাৰি পালে। এই যুগতেই নৈষ্ঠিকতা আৰু অধিকাৰিতাৰ মূৰত
ৰামটাঙোন পৰিল, আৰু এতিয়া অকল সত্যইহে নৈষ্ঠিক আৰু
অধিকাৰী বুলি গণ্য হল। মানুহ চক্ খাই উঠিল; কিয়নো
তেওঁলোকৰ অন্তৰ-চকুৰ আগত এক অভিনৱ মানসিক জগতৰ নতুন
চক্ৰবাল ৰেখা জিলিকি উঠিল।
দ্বিতীয়ত, গৰিমাময় এলিজাবেথ যুগৰ ইংৰাজী সাহিত্যৰ দৰেই
বৈষ্ণৱ যুগৰ অসমীয়া সাহিত্যতো এয়ে প্ৰৱল জাতীয় চৈতন্য, দেশ-
প্ৰেম, ধৰ্ম-জাগৃতি, সমাজ-শান্তি, মানসিক উন্নতি আৰু অপৰিসীম
উদ্দীপনাময় মহৎ চিন্তা আৰু বৃহৎ কাৰ্য্যৰ যুগ। আকৌ এলিজাবেথ
যুগৰ দৰেই এই বৈষ্ণৱ যুগ ঘাইকৈ কবিতাৰ যুগ; আৰু ইংলণ্ডৰ
শেক্সপীয়েৰতকৈ অনেক অধিক ৰূপে বহুমুখী আৰু বহু শ্ৰেষ্ঠ প্ৰতিভাৰ
শঙ্কৰদেৱক পিতৃৰূপে লৈ বৰগীত, অসমীয়া নাটক আৰু অসমীয়া
গদ্য আদিয়ে অতিৰিক্ত ৰূপে গঢ় লৈ উঠিছিল।
তৃতীয়ত, সেই যুগৰ পিউৰিটা আন্দোলনৰ দৰেই অসমৰ এই
বৈষ্ণৱ আন্দোলনৰ যুগতে মানসিক জাগৰণৰ পাছত নৈতিক জাগৃতি
বা অসমীয়া জাতিক পুণ্য স্নান কৰাই বৈ যোৱা নীতি-সংস্কাৰৰ
অপূৰ্ব জোৱাৰৰ ঢৌ। বৈষ্ণৱ আন্দোলনৰ মহৎ সংস্কাৰ কাৰ্য্যকৰী
কৰিবলৈ আগৰ বাহিৰে ৰং-চং ভিতৰি-কোৱাভাতুৰিৰ নিচিনা
আড়ম্বৰপূৰ্ণ ধৰ্মপ্ৰণালী এৰুৱাই, তাৰ ঠাইত আত্মশুদ্ধি আৰু চৰিত্ৰ-
শোধনমূলক, মুকলি হিয়াৰ মুকলি দুৱাৰৰ নাম-ধৰ্ম উলিয়াই বহু
দেৱ-দেৱীৰ বহুমুখী সেৱাৰ ঠাইত "এক-দেৱ এক-সেৱৰ" একমুখী
পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৪৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪১
অসমীয়া সমাজ-বোধ জাগৃতি