পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৪
যুগনায়ক শঙ্কৰদেৱ


কৰিব পৰা হয়; এই বিষয়ত কিন্তু আকৌ উভয় ধৰ্মৰ মিল— “জীৱন্তে মুকুত হোৱে অচিৰ কালতে।”—শঙ্কৰদেৱ। তেন্তে গোটেই বৌদ্ধধৰ্ম সজ কৰ্ম আৰু সৰ আচৰণৰ ওপৰত প্ৰতিষ্ঠিত; আৰু এইদৰে আত্মশুদ্ধি লাভ কৰাৰ পাছত নিৰ্বাণৰ পথ মুকলি হয়।

 একপ্ৰকাৰে আত্মৰ অমৰ স্বীকাৰ নকৰিলেও, বৌদ্ধ ধৰ্মই পুনৰ্জন্ম তথা কৰ্মফল মানে। তেন্তে প্ৰশ্ন হব পাৰে, আত্মাৰ অমৰত্বৰ অবিহনে কিহে পুনৰ্জন্ম গ্ৰহণ কৰে। পূৰ্বজন্মৰ পৰা পৰজন্ম গ্ৰহণ কৰোতাঁজন একে নে সুকীয়া? তাত উত্তৰত কোৱা হৈছে: ‘ন চ সো, ন চ অঞঞা। অৰ্থাৎ পূৰ্বজন্মৰ পৰা পৰজন্ম গ্ৰহণ কৰোঁতাজন একেও নহয়, সুকীয়াও নহয়। ই কেৱল তৰ্কজালৰ কথা নহয়; তাৰ ব্যাখ্যা এনেদৰে দিয়া হয়; গাখীৰৰ পাছত দৈ, দৈৰ পাছত মাখন, মাখনৰ পাছত ঘিউ। চাৰিও সুকীয়া; কিন্তু দৈ, মাখন আৰু ঘিউৰ অৱস্থা বা স্বৰূপ গাখীৰৰ ওপৰত নিৰ্ভৰশীল। ইহঁতৰ এটা কম-পৰিণতি আছে, পাছে সিহঁতৰ স্বৰূপ স্থায়ী বা ক্ৰমশঃ নহব পাৰে। তেন্তে বুজিব লাগিব, পৰজন্মৰ পৰা পূৰ্বজন্মৰ স্বৰূপ অনুমান আৰু সদৌ পৰিবৰ্তনৰ পৰা পৰিণতিৰ বিধান অনুমান কৰিব পৰা হয়।

 এই অনাত্মবাদৰ ওপৰত আকৌ বৌদ্ধ ধৰ্মৰ অনীশ্বৰবাদ। “প্ৰাৰ্থনাবিহীন পবিত্ৰতা, আত্মা-বি-বিহীন অমৰত্ব আৰু ঈশ্বৰবিহীন স্বৰ্গ”,—ইয়াকে বৌদ্ধ ধৰ্মৰ সাৰাংশ বুলি বহুতে বিক্ৰপৰ সুৰত হলেও কয়। স্বৰূপতে, সজ কৰ্মই শ্ৰেষ্ঠ উপাসনা; কিয়নো স চিন্তা অবিহনে সজ কম নহয়। নিৰ্বাণ অবিহনে চিত্ত বা আত্মাৰ স্থিৰতা নাই; গতিকে নিৰ্বাণ লাভেই আত্মাৰ চিৰত্ব লাভ। কামনা- বাসনাৰ দ্বাৰা চিৰ-তৰঙ্গায়িত্ব চিৎ-সাগৰত পৰমেশ্বৰৰ প্ৰতিবিম্ব পৰিব নোৱাৰে; গতিকে সেইবোৰৰ পৰা ত্ৰাণ পোৱাৰ আগতে ঈশ্বৰ-লাভৰ চেষ্টা এটা ভুৱা মাথোন। বুদ্ধদেৱে তেনে ভুৱাৰ পৰা মানুহক ৰক্ষা কৰা এই উপায় জগতত অভিনৱ।