পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩২
যুগনায়ক শঙ্কৰদেৱ

“তুয়্যঃ এৱ সাতকো হোতু নাহং ইচ্ছামি সাটকং
সচে ভ্যাসি দুকখস, সচে তে দুকখম্ অপ্পিয়ং
মা কাসি পাপকং কম্মং আভি বা যদি বা ৰহো। ১১।
সচে চ পাপকং কম্মং কৰিসসাসি কৰোসি বা
ন তে দুকখ পমুত্ত্যাত্থি উপেচ্চাপি পলায়তো। ১২।
সচে ভায়সি দুকখসস, সচে তে দুকখম্ অপ্পিয়ং
উপোহ বুদ্ধং সৰণং ধম্মং সংঘাঞচ্ তাদিনং
সমাদিয়হি সিলানি তন্ তে অত্থায় হেহিতি। ১৩।

“গৰাকিনী’ মাৰ-কিল কৰে শপে বুলি
ইহেন শীতত সদা আহোঁ পানী তুলি। ১।
সদায় জাৰত কঁপি কাৰ নো ভয়ত,
বামুণ পানীত নিতে নামা ই শীতত?” ২।
“জানিও, পুন্নিকা, সোধাঁ? স্নান কৰি মই
কুশল সমাধোঁ, পাপ ঠেলোঁ দূৰলই। ৩।
ডেকা বা বুঢ়াৰ যদি কিবা পাপ হয়,
পানী ছতিয়ালে গাত তাৰো হয় ক্ষয়।” ৪।
“অজ্ঞানীৰো অজ্ঞানী যি, এনে কথা কয়;
পানী ছতিয়ালে গাত পাপ ক্ষয় হয়? ৫।
কাছ বেঙ, ঘৰীয়াল, সাপ, জলচৰ;
সকলোটি গ’ল হয় সৰ্গলৈ সত্বৰ।” ৬।
“গৰু বা গাহৰি ৰখে, মাছ-পহু মাৰে;
চুৰি-ডকাইতি যত পাতক আচৰে॥৭৷
পানী ছতিয়ালে গাত পাপ যোৱা হলে,
সকলোটি গ’ল হয় নিশ্চয় স্বৰ্গলে।’’ ৮।
“যদি পাৰে নৈয়ে পূৰ্ব পাপ ধুই নিব,
পুণ্যও ধুই নি পাৰে নিপুণ্য কৰিব।৯।