পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ছয়ত্ৰিশ

শঙ্কৰদেৱ আৰু বুদ্ধদেৱৰ সমাজ-চিকিৎসা

আকাৰৰ তাৰতম্য হলেও প্ৰকাৰত শঙ্কৰদেৱ আৰু বুদ্ধদেৱৰ সমাজ- চিকিৎসা প্ৰণালীত এক অপূৰ্ব সামঞ্জস্য দেখিবলৈ পোৱা হয়। সৰহ কি, জীৱনৰ ঘটনাৱলী আৰু জীৱন-দৰ্শনতো দুইৰো আচৰিত মিল দেখিবলৈ পোৱা হয়। বুদ্ধদেৱৰ দৰেই শঙ্কৰদেৱেও ওপজাৰ লগে লগেই মাতৃ-স্নেহৰ পৰা বঞ্চিত হয়; দুইৰো প্ৰথম সন্তান জন্মাৰ পাছতে আৰু দুইৰো দেঢ় কুৰি বছৰ বয়স হোৱাৰ আগে আগে প্ৰৱল বৈৰাগ্য জন্মে; তাৰ ফলস্বৰূপে বুদ্ধদেৱৰ মহাভিনিষ্ক্ৰমণ আৰু শঙ্কৰদেৱৰ যুগব্যাপী দেশভ্ৰমণ আৰম্ভ হয়। নিজ নিজ ভাৱে দুয়ে সুদীৰ্ঘ সাধনাৰ সিদ্ধিৰ পাছত নিজ নিজ ধৰ্মমত প্ৰচাৰৰ বাবে জীৱন উছৰ্গা কৰে।

 বুদ্ধদেৱৰ ধৰ্ম-প্ৰচাৰৰ আগত ভাৰতবৰ্ষৰ নৈতিক অধঃপতন আৰু শঙ্কৰদেৱৰ ধৰ্মপ্ৰচাৰৰ পূৰ্বে অসমীয়া সমাজৰ অধঃপতন সমতুল্য নিশ্চয়। উভয় কালতে নৈতিক চৰিত্ৰৰ দৈন্য নিত্য-নৈমিত্তিক ধৰ্মৰ আড়ম্বৰৰ দ্বাৰা ঢাকিবৰ চেষ্টা কৰা হৈছিল; সেই অন্তঃসাৰশূন্য আৰু পাপৰ ঢাকনি স্বৰূপ নিত্য-নৈমিত্তিক ধৰ্মই সমাজক একেবাৰে ৰসাতললৈ নিছিল, কিয়নো জুইক কেতিয়াও কাপোৰেৰে ঢাকিব নোৱাৰি। সমাজক এই ধ্বংসমুখী অৱস্থাত ৰক্ষা কৰিবলৈ বুদ্ধদেৱে হুলেৰে হুল কঢ়াৰ উপায় উলিয়ালে নিত্য-নৈমিত্তিক ধৰ্ম গুচাই তাৰ ঠাইত নৈতিকতাৰ স্থাপন কৰা, আৰু নৈতিকতাৰ যোগেদি আত্ম–শুদ্ধি সাধন কৰা। ইয়াৰ বাবে বুদ্ধদেৱে যে পাপ-পুণ্যৰ ধাৰণাকে কেনেকৈ মানুহৰ মনত পৰিবৰ্তন কৰি দিছিল, পালি ভাষাৰ বিতোপন এধানমন “পুন্নিকা” কবিতাটিৰ পৰাই তাৰ আভাস পাব পাৰি।