সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২৫
প্ৰাক্-শঙ্কৰী যুগত বৈষ্ণৱ-অভ্যুত্থান

ধৰ্মান্তৰৰ বাবে কামাখ্যাৰ শাপ পোৱা বুলি চৰিত-পুথিত কোৱাৰ উল্লেখো আগতে কৰা হৈছে।

 প্ৰাক্-শঙ্কৰী অসমৰ ধৰ্ম-সমাজ সম্পৰ্কে শিলালিপি আৰু তাম্ৰ- লিপিৰ প্ৰমাণ, চীন-পৰ্য্যটকৰ ভ্ৰমণ-বৃত্তান্ত আৰু বাণভট্টৰ “হৰ্ষচৰিত"ৰ উল্লেখ, তদুপৰি বৈষ্ণৱ-চৰিত আৰু তিব্বতীয় পণ্ডিত তাৰানাথ প্ৰভৃতিৰ পৰোক্ষ ইঙ্গিত আদিৰ সঙ্কেত দিয়া হৈছে। তাৰ পাছৰ আৰু লাগতিয়াল প্ৰামাণিক সাহিত্য-সাক্ষ্য হৈছে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ; এই দুখন সংস্কৃত গ্ৰন্থ যথাক্ৰমে দশম আৰু চতুৰ্দশ শতাব্দীৰ ভিতৰত কামৰূপতে ৰচিত বুলি ধৰা হয়।

 কালিকা পুৰাণে (১৮।৪২-৫১) মহাদেৱে কঢ়িয়াই নিওঁতে সতীৰ দেহৰ কোন কোন অঙ্গ কোন কোন ঠাইত পৰি গৈ সেইবোৰ ঠাইত মহা তীৰ্থত পৰিণত কৰিছিল তাৰ বিৱৰণ দিছে; আৰু তাৰ ভিতৰত কামৰূপৰ কথা কৈছে–

“কামৰূপে কামগিৰৌ ন্যপতৎ যোনিমণ্ডলম্।
তত্ৰৈৰস্যপতৎ ভূমৌ পূৰ্বতো নাভিমণ্ডলম্॥”

 কামাখ্যাৰ বাহিৰেও সেই অধ্যায়ত কামৰূপৰ বিভিন্ন নদ-নদী পৰ্বত-ভৈয়াম তীৰ্থস্থান ৰূপে বৰ্ণিত হৈছে। ৫১ অধ্যায়ত কামৰূপৰ সীমা-ইতিবৃত্ত আদি বৰ্ণাইছে—

"কামৰূপং মহাপীঠং গুহ্যাদ্ গুহ্যতৰং পৰম্।
সদা সন্নিহিতস্তুত্ৰ পাৰ্বত্যা সহ শঙ্কৰঃ॥ ৬৪।
কৰতোয়ানদীপূৰ্বং যাবদ্দীকৰবাসিনীম্।
ত্ৰিংশদ্ যোজনবিস্তীৰ্ণং যোজনৈকশতষম্॥ ৬৫।
ত্ৰিকোশং কৃষ্ণবৰ্ণঞ্চ প্ৰভূতাচল পূৰিতম্।
নদীশতসমযুক্তং কামৰূপং প্ৰকীৰ্ত্তিতম্॥ ৬৬।
শম্ভোঃ নেত্ৰাগ্নিদগ্ধঃ কাম শম্ভোৰনুগ্ৰহাৎ।
তত্ৰ ৰূপং যতঃপ্ৰাপ্তং কামৰূপং ততোহভৱৎ॥ ৬৭।