পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পয়ত্রিশ

প্রাক্-শঙ্কৰী যুগত বৈষ্ণৱ-অভ্যুত্থান

 শৈৱ, শাক্ত, তান্ত্রিক, বৌদ্ধ আদি ধৰ্মৰ লগত শ শ বছৰ যুজ-বাগৰ কৰি বৈষ্ণৱ ধৰ্মই শেষত অসমৰ জন-গণৰ হৃদয়-সিংহাসনত থিত হােৱাৰ বুৰঞ্জী নিতান্ত ৰহস্যজনক। সর্ব-ভাৰতীয় ক্ষেত্ৰতো আমি তাকেই দেখা পাওঁ, আৰু হৰি-হৰ যুদ্ধ আদি পৌৰাণিক সাধুও তাৰেই প্রমাণ।

 খৃষ্টীয় সপ্তম শতিকাৰ আগছােৱাৰ কামৰূপৰ ৰজা সম্রাট ভাস্কৰ বৰ্মাৰ আজোককাক মহাভূত বা ভূতিবৰ্মাক নগাঁও মিকিৰ পৰ্বতৰ বৰগঙ্গা শিলালিপিত তেওঁৰ মন্ত্ৰী আৰ্যগুণে “পৰম ভাগৱত” বুলিছে। আচৰিত কথা, দ্বিতীয় চন্দ্রগুপ্ত, কুমাৰগুপ্ত আৰু স্কন্দগুপ্ত প্রভৃতি গুপ্ত সম্রাটসকলৰ মােহৰতো তেওঁলােকক “পৰম ভাগৱত” বােলা কথা ৰামকৃষ্ণ গােপাল ভাণ্ডাৰকাৰে বিশেষভাৱে উল্লেখ কৰিছে। সমুদ্রগুপ্তৰ আলাহাবাদ শিলালিপিও জয়ে জয়ে আমি কামৰূপ ৰাজ্যৰ প্ৰামাণিক উল্লেখ পাওঁ আৰু সেই সময়ৰ কামৰূপৰ ভাস্কৰবৰ্মাৰ পূৰ্বপুৰুষ পুষ্যবৰ্মাৰ দিনৰ পৰাই গুপ্ত সাম্রাজ্যৰ বাহিৰে থাকিও কামৰূপৰ লগত গুপ্ত ৰজাসকলৰ সৌহার্দ্য থকা বুলি অনুমান কৰিব পৰা হয়। যেনে তেনে, এই গুপ্ত ৰজাসকলৰ সম্পৰ্কৰ ভিতৰেদিয়েই কামৰূপত ভাগৱতী ধর্ম ই প্রথম ভুমুকি মাৰে বুলি ধৰিব পাৰি।

 সেইজন পূর্বপুৰুষ ভূতিবর্মায়ে দিয়া এখন তাম্রশাসন জুয়ে পুৰি নষ্ট কৰাত ভাস্কৰ বৰ্মাই তাক নতুন কৰি দিয়ে। তাৰ প্ৰশস্তি আৰম্ভ হৈছে “ওঁ প্রণম্য দেৱং শশিশেখৰ(ং) প্ৰিয়ং পিনাকিং ভস্মকণৈর্বিভূষিতং”। অকল ইয়াতেই নহয়, দ্বাদশ শতিকাৰ আগছােৱালৈকে ভৌম ৰজাসকলৰ সকলাে তামৰ ফলিয়েই শিৱৰ বন্দনাৰে আৰম্ভ হৈছে। দ্বাদশ শতিকাৰ ভৌম ৰজা ধর্মপাল ২১