পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
যুগনায়ক শঙ্কৰদেৱ

অথচ যি সৰ্বভূতৰ অন্তৰত থাকি নিয়ন্ত্ৰিত কৰে, সেই অমৃতেই তেওঁ।’ কিন্তু গাৰ্গীয়ে প্ৰশ্নৰ সোতত উটি সূক্ষ্মৰ পৰা সূক্ষ্মতৰলৈ গৈ যেতিয়া ‘তেওঁৰ (ব্ৰহ্মৰ) ওপৰত কোন’ বুলি সুধিব খুজিলে, যাজ্ঞবল্ক্যই “সাৱধান, গাৰ্গী” বুলি ততালিকে তেওঁক সতৰ্ক কৰি দিলে; কিয়নো গাগীয়ে মানুহৰ অধিকাৰৰ বাহিৰ, প্ৰশ্নৰ বেদ-বিধিৰ সীমা পাৰ হৈ, তেনে অন্যায় প্ৰশ্ন কৰিছিল। গাৰ্গীয়ে সেই ন্যায় শাসন মানি সেই বাৰ বহিল, আৰু তাৰ পাছত দুনাই প্ৰশ্ন কৰিলে, ‘বাৰু, আকাশ- খনৰ অৱস্থান কিহত? ই স্বৰূপতে পৰব্ৰহ্ম তথা আত্ম-তত্ত্বৰ প্ৰশ্ন; আৰু যাজ্ঞবল্ক্যই তাৰ উচিত উত্তৰ দিলে, ‘গাৰ্গী, তুমি সেই অক্ষৰ ব্ৰহ্মৰ কথা সুধিছা যাৰ প্ৰশাসনত চন্দ্ৰ-সূৰ্য্য, ভূলোক-দ্যুলোক ভ্ৰাম্যমান আৰু বিৰাজমান; যাক কোনেও নেদেখে,নুশুনে, নাজানে; কিন্তু যাৰ বাহিৰে দ্ৰষ্টা, শ্ৰোতা বা বিজ্ঞতা কেও নাই। জানা, গাৰ্গী, সেই অক্ষৰ ব্ৰহ্মতে আকাশ-তত্ত্ব প্ৰভৃতি সৰ্বতত্ত্বৰ অৱস্থান।’

 বেদৰ মন্ত্ৰ-কৰ্তা ঋষি হৈও নিজৰ ব্ৰহ্ম-বিদ্যাৰ অভাৱত অনেক ব্ৰাহ্মণে সমিধ-পাণি ( শিষ্য ) ৰূপে ক্ষত্ৰিয় ৰজাসকলৰ চৰণত সেই জ্ঞান লাভ কৰিছিল, আৰু সেইটো কোনো অপমানজনক কাৰ্য্য বুলি নাভাবিছিল। তদুপৰি আজিকালি যেনেকৈ আমি উকিলৰ পুতেকক উকিল বা হাকিমৰ পুতেকক হাকিম নোবোলোঁহক, উপনিষদৰ যুগতো সেইদৰে বামুণৰ লৰাক বামুণ নুবুলি ব্ৰাহ্মণকুমাৰ, ঋষিকুমাৰ এনেভাৱেহে উল্লেখ কৰিছিল : তাৰ পাছত ভাৰতৰ আন্ধাৰ যুগতহে তেনে উপাধি জন্মগত হৈ পৰিছিল। তেনে পাচজন ঋষিকুমাৰ প্ৰাচীনশাল, সত্যযজ্ঞ, ইন্দ্ৰদুম, জন আৰু বড়িল ব্ৰহ্মবিদ্যাৰ অন্বেষণত পৰম ব্ৰহ্মিষ্ঠ বুলি প্ৰখ্যাত উদ্দালক ঋষিৰ কাষত সমিধ-পাণি (শিষ্য) ৰূপে উপস্থিত হলগৈ। নিৰহঙ্কাৰ নিৰভিমান উদ্দালকে তেওঁলোকক কলে, ‘বাছাহঁত, ব্ৰহ্ম-বিদ্যাৰ উপদেশ দিব পৰা শক্তি মই নিজেই এতিয়ালৈকে লাভ কৰা নাই; ব’লাহঁক, ময়ে সৈতে ছয়োজনে কেকয় ৰাজ্যৰ গৰাকি ক্ষত্ৰিয় অশ্বপতিৰ কাষত সেই বিৰাট পুৰুষক