সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৩
কুৰি শতিকালৈ শঙ্কৰদেৱৰ বাণী

তাত কৰি সুগম কৰিয়ো ভাগৱত। স্ত্ৰী-শূদ্ৰ সৰ্ব্বলোকে বুঝে যেন মত৷৷” গতিকে spiritual bureaucracy ( আধ্যাত্মিক আমোলা- তন্ত্ৰবাদৰ) বিৰুদ্ধে শ্ৰীশঙ্কৰদেৱেই পাঁচ শ বছৰৰ পূৰ্বে এই যুগমীয়া বিদ্ৰোহ তোলে; আৰু তাকে মধ্যযুগৰ জগত-ঢাকা এনে ঘোৰ অন্ধকাৰ আৰু উলঙ্গ স্বাৰ্থপৰতাৰ তাণ্ডৱ নৃত্যৰ মাজত য’ত আভিজাত্য শ্ৰেণীৰ বাহিৰে আনে ঈশ্বৰৰ নামসূচক কোনো বিশেষ শব্দ উচ্চাৰণ কৰিলে জিবা কাটি পেলাবৰ অধিকাৰো দাবী কৰিছিল। তদুপৰি সিবোৰৰ মধ্যস্থতা লৈ জলে-শিলে নুপূজিলে মৰি বা জীয়াই ইবোৰৰ কল্যাণ নাই, এনে আওকথাৰ শিলো এওঁলোকৰ পেটত সুমুৱাই দিয়া হৈছিল। শ্ৰীশঙ্কৰদেৱে এনে অধৰ্ম্মৰ সাম্ৰাজ্যবাদ ধ্বংস কৰি তাৰ ঠাইত পৱিত্ৰ আধ্যাত্মিক স্বতন্ত্ৰবাদ থাপনা কৰে, আৰু নাম-ধৰ্ম্মই তাৰ নিৰ্মল শুভ্ৰ পতাকা।—

“হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা, বহে ব্ৰহ্মাণ্ডক ভেদি।”

 সচাকৈয়ে সি বৈকুণ্ঠৰ “পাৰ ভাঙি” “ব্ৰহ্মাণ্ডক ভেদি” আজিও ব’ব লাগিছে।

 মহাত্মা গান্ধীয়ে তেওঁৰ বহুমূলীয়া গীতা-ভাষ্যৰ পাতনিত কবৰ দৰে, প্ৰকৃততে জীৱ-মাত্ৰই ঈশ্বৰৰ অৱতাৰ; কিয়নো জীৱমাত্ৰই ঈশ্বৰৰ অংশ। কিন্তু যিসকল লোকত সেই যুগৰ চৰম ধৰ্ম্ম-জাগৃতি আৰু ঐশ্বৰিক বৃত্তি-সমূহৰ বিকাশ দেখা পোৱা হয়, লৌকিক কথাত এনে লোকসকলহে অৱতাৰ বোলা হয়। বাসুদেৱ কৃষ্ণ এই অৰ্থতে অৱতাৰ, আৰু শঙ্কৰদেৱো তেনে। সদৌ ভাৰতৰ কথা নধৰিলেও, অন্ততঃ অসমত সেই যুগত কি শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক শক্তিৰ বিকাশত, কি ধৰ্ম-জাগৃতিত, শ্ৰীশঙ্কৰদেৱৰ সমকক্ষ কোন আছিল? সমসাময়িক মতবাদৰ আগত শ্ৰীকৃষ্ণৰ দৰে আধুনিক যুগৰ প্ৰায় সৰ্ববাদীসম্মত পূৰ্ণব্ৰহ্ম অৱতাৰেও অটলভাৱে ঠিয় দিব নোৱাৰিছিল; কিন্তু শ্ৰীশঙ্কৰদেৱৰ সমসাময়িক তেওঁৰ সৰল বিশ্বাসী