পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৩
সমাজ-সংগঠনৰ অন্যান্য আহিলা

 শঙ্কৰদেৱৰ ধৰ্ম-শিক্ষাৰ এই বিশেষই তেওঁৰ কাৰ্য্যৰো বিশেষত্ব। সমাজত কোনো প্ৰকাৰৰ বিভ্ৰাট বা বিপ্লৱ ঘটাবলৈ লেশমাত্ৰও ইচ্ছা নকৰিও তেওঁ জাতি-ধৰ্ম-নিৰ্বিশেষে যি উদাৰতা দেখুৱাই ধৰ্ম প্ৰচাৰ কৰিলে তালৈ মন কৰিলে মূৰ স্বভাৱতে তেওঁৰ চৰণলৈ দোঁ খাই যায়। ব্ৰাহ্মণ আৰু মুছলমানৰ পৰা আনপিনে সেই সময়ত সমাজে অতি তল খাপৰ বুলি অৱজ্ঞাৰ চকুৰে চোৱা গাৰো, ভোট, মিকিৰ আদিলৈকে সকলোকে শঙ্কৰদেৱৰ একশৰণ ভক্তি দি শৰণীয়া কৰি লৈছিল। ইয়াৰ পৰাই বুজিব পাৰি তেওঁৰ প্ৰচাৰিত ধৰ্মত কোনো আঁহ-ফলা নীতি নাই, সমাজৰ সকলো সম্প্ৰদায়কে মোৰ বুলি সাৱটি লোৱাই তেওঁৰ উদ্দেশ্য আছিল। তেওঁ পোনতে তেওঁৰ জন্মস্থান বৰদোৱা অঞ্চলত আৰু তাৰ পিছে আন আন ঠাইত নাম-প্ৰসঙ্গৰ বাবে যি নাম-ঘৰ সজোৱাইছিল, তাৰ চাৰি বেৰ সদায় মুকলি। ইয়াৰ পৰাও তেওঁৰ নীতিৰ উদাৰতাৰ কথা বুজিব পাৰি।

 শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্মৰ সাৰ ভাগ হৈছে নাম-ধৰ্ম। কলি যুগত এই নাম-ধৰ্মৰ প্ৰাধান্য বিষয়ে মাধৱদেৱৰ এনে দুই-এটি ঘোষাৰ পৰা বঢ়িয়াকৈ বুজিব পাৰি—

“সত্যযুগে ধ্যান  ত্ৰেতাযুগে যজ্ঞ
 দ্বাপৰ যুগত পূজা।
কলিত হৰিৰ  কীৰ্ত্তন বিনাই
 আউৰ নাহিকে দুজা।”
“সকল নিগম  কল্পতৰু তাৰ
 ফল মহা ভাগৱত।
সেহি ফল-ৰস  হৰি-গুণ-যশ
 পীয়োক সাধু সঙ্গত।”

 এই নাম-ধৰ্মই পৱিত্ৰ ভাগৱত সাৰ কথা, আৰু তাকে শঙ্কৰদেৱে উদ্ধাৰ কৰি লোকৰ পৰম উপকাৰ সাধিলে। এই মত যে নিখুত তাক প্ৰমাণ কৰিবলৈ যাবৰ সকাম নাই; কিয়নো ক’তো শঙ্কৰদেৱে সেইটো তেওঁৰ নিজা মত বুলি প্ৰকাশ কৰা নাই