পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৭
অৱতাৰবাদ আৰু প্ৰাক-শঙ্কৰী অসম

 এই সময়তে এইদৰে সদৌ দেশ বজ্ৰযান, কালচক্ৰযান, বৌদ্ধ তান্ত্ৰিক, ৰাম-ৰামীয়া, শাক্তপন্থ, সহজ পন্থ আদি বিভিন্ন সম্প্ৰদায়ৰ ধৰ্ম্ম-প্ৰচাৰৰ তপত শয্যা হৈ উঠে আৰু শঙ্কৰদেৱৰ শুদ্ধ ধৰ্ম্ম প্ৰচাৰ কৰা কাললৈকে অৰ্থাৎ ষোড়শ শতিকালৈকে এই অৱস্থা চলে। ৰামৰামীয়া সম্প্ৰদায়ৰ এজন সন্ন্যাসীৰ পৰা নাৰায়ণ আতাই মন্ত্ৰ লবলৈ বিচাৰিছিল; কালচক্ৰযান ধৰ্ম্মৰ সুপিতা নামৰ সন্ন্যাসীৰ লগত ভৱানীপুৰীয়া গোপাল আতাই আগতে কিছুকাল ফুৰা-চকা কৰিছিল। বংশী গোপালদেৱে আগতে এজন ৰামৰামীয়া সন্ন্যাসীৰ লগত বাঁহী বজাই ফুৰিছিল, আৰু তেওঁ ধৰ্ম্মপ্ৰচাৰ কৰা কালতে তেওঁক “যেনে তেনে পাৰোঁ তাক বেঢ়ি খুঞ্চি মাৰোঁ, এই কথা ঠাই ঠাই বৌধে আপোচয়।” ( জয়ন্তী, ৪ৰ্থ বছৰ, ১৪শ সংখ্যা)

 এনে সন্ন্যাসীসকলকে লক্ষ্য কৰি বংশী গোপালদেৱৰ চৰিত্ৰত কৈছে,—“ই দেশত কতো কতো ভকত আছয়। ব্যভিচাৰী মতে দেখোঁ কত প্ৰবৰ্ত্তয়। অন্ন যোনি বিচাৰ আচাৰ কিছো নাই। প্ৰবৰ্ত্তি চাহিলে পাৰণ্ড হেন পায়।” ভাৰতৰ মুছলমান আক্ৰমণকাৰীবিলাক এনে অৱস্থাতে বহুত বৌদ্ধ মন্দিৰ আৰু বেহাৰ আদি ধ্বংস কৰিলে আৰু অনেক বৌদ্ধ ভিক্ষুকৰ প্ৰাণ নাশ কৰিলে। এনেবোৰেই গীতাত কোৱা ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ অভ্যুত্থান; যুগে যুগে কালৰ কুটিল গতিয়ে ধৰ্ম্মৰ ওপৰত এনে অপযশ জাপি দি যায়হি, আৰু ধৰ্ম্ম পন্থাৰ এই আবৰ্জ্জনাবোৰ গুচাই নতুন সত্য ধৰ্ম্ম থাপনা কৰাই যুগাৱতাৰসকলৰ কৰ্ত্তব্য।

 পুৰণি মধ্যমিকা (বৰ্তমান চিতোৰ) দেশৰ ওচৰত নাগৰি নামৰ ঠাইত খৃঃ পূঃ ৩৫০-২৫০ৰ সংস্কৃতত লিখা এখন প্ৰাচীন শিলালিপিত সঙ্কৰ্ষণ আৰু বাসুদেৱৰ উল্লেখ পোৱা হয়; পণ্ডিতসকলৰ মতে এয়ে প্ৰাচীনতম সংস্কৃত লিপি আৰু বৈষ্ণৱ ধৰ্ম্মৰ প্ৰাচীনতম নিদৰ্শন। খৃঃ পূঃ ১৪০ত তক্ষশিলাৰ গ্ৰীক ৰজা এন্টিয়াল কিডাছৰ দূত হেলিয়ো- ডৰাই বৈষ্ণৱ ধৰ্ম্মত শৰণ লৈ পুৰণি বিদিশা (বৰ্তমান বেহ) নগৰত