সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৫
অৱতাৰবাদ আৰু প্ৰাক্-শঙ্কৰী অসম

সম্প্ৰতি প্ৰকাশিত হৈছে। বৰ্ত্তমান বঙ্গ দেশৰ ভিতৰুৱা অনেক জিলাত একাদশ দ্বাদশ শতিকাৰ পৰা প্ৰচলিত ময়নামতীৰ গান, গোপীচন্দ্ৰৰ গীত, গোৰক্ষবিজয়, মীনচেতন আদি নীতি-কাব্যবোৰৰ উহ মীন- চৰিতেই। সিদ্ধিলাভ কৰাৰ আগতে মীননাথে নাৰী-ৰাজ্য কদলীৰ ৰাণী কমলা আৰু তেওঁৰ ভনীয়েকৰ প্ৰেম-পাশত আৱদ্ধ হয়, আৰু তেওঁৰ প্ৰধান শিষ্য গোৰক্ষনাথ তেওঁৰ যাদু বিদ্যা বলেৰে গুৰু মীননাথক উদ্ধাৰ কৰে; নগাঁৱৰ বৰ্ত্তমান কন্দলী মৌজাই পূৰ্ব্বৰ কদলী ৰজাৰ ঠাই বুলি এতিয়া প্ৰমাণিত কৰিব খোজা হৈছে। মীননাথক এতিয়াও নেপালৰ বৌদ্ধবিলাক অবলোকিতেশ্বৰৰ অৱতাৰ বুলি পূজা কৰে।

 তীব্বতী গ্ৰন্থ পাগচামজোনজাানৰ মতে ইন্দ্ৰপাল ৰজাৰ ককাক ৰত্নপালে সৰোৰুহ বজ্ৰ বা সৰহপাদ সিদ্ধৰ ওচৰত বজ্ৰযান বৌদ্ধধৰ্ম্মত দীক্ষা লৈছিল। সৰহপাদ এজন বামুণৰ ঔৰষত এজনী ডাকিনীৰ গৰ্ভত ৰাজ্ঞী নামৰ ঠাইত উপজিছিল; আৰু বৰ্ত্তমান গুৱাহাটী নগৰৰ ১৬ মাইল দখিণ-পছিমে থকা ৰাণী নামৰ ঠায়েই পূৰ্ব্বৰ ৰাজ্ঞী বুলি বুজিব পাৰি। তিব্বতী গ্ৰন্থসমূহৰ অনুবাদক গ্ৰনৱেডেলৰ মতে কামৰূপৰ ইন্দ্ৰপাল ৰজায়ে বৌদ্ধনাম দাৰিকপা লৈছিল, আৰু তেতিয়া হলে দাৰিকপাৰ শিষ্য। “ব্যক্তভাবানুগততত্ত্বসিদ্ধি” ৰচয়িত্ৰী সহযোগিনী-চিন্তা কামৰূপৰে তিৰুতা। গ্ৰানৱেডেলৰ মতে, দাৰি- কপা (ইন্দ্ৰপাল) সিদ্ধ লুইপাদৰ শিষ্য আছিল; তিব্বতী গ্ৰন্থ গ্ৰব্- ও-টব্ মতে লুইপাদ কামৰূপ দেশৰ কৈৱৰ্ত্তৰ সন্তান, আৰু ব্ৰহ্মপুত্ৰ বা লোহিত নদ থকা দেশৰ মানুহ বুলি সম্ভৱ তেওঁৰ নাম লোহিত- পাদ বা লুইপাদ। এওঁ বৌদ্ধ সহজীয়া আৰু এক নতুন ধৰ্ম্ম প্ৰচাৰ কৰে। চৌৰাশী সিদ্ধৰ ইতিহাসত লুইপাদৰ জন্ম ওড্ডিয়ান দেশত আৰু তাৰ ৰজা ইন্দ্ৰভূতি বুলি বৰ্ণোৱা আছে; সেই ওড্ডিয়ান বা ওজাই বৰ্ত্তমান নগাঁও জিলাৰ হোজাই আৰু ইন্দ্ৰভূতি ইন্দ্ৰপাল ৰজা বুলি প্ৰমাণিত কৰিব খোেজা হৈছে। লুইপাদ সামন্ত শোভা নামে ইন্দ্ৰ- পালৰ বিষয়া আছিল। “বৌদ্ধ গান ও দোহা”ৰ সম্পাদক মহামহো-