পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৩
অৱতাৰবাদ আৰু প্ৰাক্-শঙ্কৰী অসম

কাশী আদিৰ পৰা বামুণ অনাই শক্তি-পূজাক এক নতুন গতি-শক্তি দান কৰে। তেওঁৰ পাছত তেওঁৰ পুতেক নৰনাৰায়ণ ৰজায়ো পোনতে শক্তি-পূজাৰ বিস্তাৰৰ বাবে বিশেষ যত্ন কৰে আৰু কালাপাহাৰে ভাঙি যোৱাৰ পাছত কামাখ্যা মন্দিৰ এৱেঁই বতাই দিয়াই পূজা- পাতল চলাবলৈ আন দেশৰ পৰা বামুণ অনাইছিল। ছাৰ এডৱাৰ্ড গেইটে তেওঁৰ অসম বুৰঞ্জীত ভোগী’ বুলি এশ্ৰেণী লোকৰ উল্লেখ কৰিছে; আৰু ইহঁতে নিজ ইচ্ছামতে গোসানীৰ আগত বলি হবলৈ গাত লোৱা সময়ৰে পৰা যেই সেই তিৰুতাৰ সতীত্ব নষ্ট কৰিবলৈ অধিকাৰ পাইছিল। তান্ত্ৰিক শক্তি-পূজাই এইদৰে দিনক দিনে বৰণ সলাবলৈ ধৰি এক জঘন্য ৰক্ত পিপাসু ধৰ্ম্মত পৰিণত হৈছিল। এই তান্ত্ৰিক উপাসনা-পদ্ধতিৰ পৰা আগবাঢ়ি ভৌতিক আৰু ঐন্দ্ৰজালিক বিদ্যা আৰু গৰ্ভৱতী তিৰুতাৰ গৰ্ভ ছিৰি ভ্ৰূণ পৰীক্ষা কৰা আদি বীভচ্ কামে চলিছিল বুলি জনা যায়। মুছলমান আইন-ই-আকবৰি আদি পুথিত সেই কালৰ অসমীয়া সমাজৰ অনেক ব্যভিচাৰী ৰীতিৰ উল্লেখ পোৱা হয়। এনেবোৰেই গীতাত উল্লেখ কৰা ধৰ্ম্মৰ গ্লানি আৰু অধৰ্ম্মৰ অভ্যুত্থান, আৰু এইবোৰকে দূৰ কৰি ধৰ্ম্মৰ পবিত্ৰ জেউতি দেখুওৱাই অৱতাৰী পুৰুষৰ কাম।

 গৌতম বুদ্ধৰ নিৰ্ম্মল অহিংস ধৰ্ম প্ৰায় আছিয়াতে বিয়পি পৰিছিল যদিও, তেওঁৰ নিজ জন্মস্থান কৰ্ম্মস্থান ভাৰতবৰ্ষত সি অতি সহকাল শুদ্ধভাৱে থাকিবলৈ নাপালে। খৃষ্টীয় নৱম শতিকাত শঙ্কৰাচাৰ্য্যই হিন্দু ধৰ্ম্মৰ প্ৰাধান্য পুনৰ্প্ৰতিষ্ঠিত কৰিবলৈ যত্ন কৰা কালত কামৰূপত বৈদিক পণ্ডিত কুমাৰিলা ভট্টৰ দৰে তান্ত্ৰিক আৰু বৌদ্ধ পণ্ডিতৰ নাম জ্বলি আছিল। শঙ্কৰাচাৰ্য্যৰ আন্দোলনৰ ফলত বৌদ্ধ ধৰ্ম্ম দেখাত লুপ্তপ্ৰায় হয় সঁচা, কিন্তু এখন দাপোণ ভাগি শতখন হোৱাৰ দৰে সি মহাযান, হীনযান, কালচক্ৰযান, সহজযান, বৌদ্ধ তান্ত্ৰিক আদি নানা ধৰ্ম্ম-সম্প্ৰদায়ত বিভক্ত হয়, আৰু এওঁলোকৰ ভিতৰত তান্ত্ৰিক ক্ৰিয়া আৰু শক্তি-উপাসনা আদি