পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৭
শঙ্কৰদেৱৰ সৃষ্টি-তত্ত্ব ব্যাখ্যা


নাসিকাৰ অধিষ্ঠাতা অশ্বিনীকুমাৰ।
বাক্য অধিষ্ঠাতা ভৈলা বায়ু নাম যাৰ॥ ৫৯।
চৰ্ম অধিষ্ঠাতা বায়ু ভৈল সত্ত্ব গুণ।
জিহ্বা অধিষ্ঠাতা দেৱ ভৈলন্ত বৰুণ॥
হস্ত অধিষ্ঠাতা ভৈলা ইন্দ্ৰ সুৰপতি।
পদে বিষ্ণু গুহ্যে মিত্ৰ লিঙ্গে প্ৰজাপতি॥ ৬০।
হৃদয়ত থাকি কৰে ভাল মন্দ কাম।
একে মন চাৰি ৰূপ শুনা তাৰ নাম॥
মন বুদ্ধি অহঙ্কাৰ আৰু নাম চিত্ত।
ৰাম ৰাম বুলি সৱে হুয়োক পৱিত্ৰ॥ ৬১।
মন অধিষ্ঠাতা চন্দ্ৰ শুনা নৃপবৰ।
বুদ্ধি অধিষ্ঠাতা ভৈলা ব্ৰহ্মা সৃষ্টিকৰ॥
অহঙ্কাৰ অধিষ্ঠাতা ৰুদ্ৰ যাৰ নাম।
চিত্ত অধিষ্ঠাতা বায়ু দেৱ অনুপাম॥” ৬২।

স্থানান্তৰত এই আদি-বৃক্ষৰ চিত্ৰ দিয়া হৈছে। কুৰি শতিকাৰ বিজ্ঞান- গুৰু আইন্ষ্টা‌ইনেও শেষত স্বীকাৰ কৰিবলৈ বাধ্য হল, সৃষ্টিৰ গুৰিত “মন” বোলা বাজিকৰৰে কিবা তলা-নলা আছে। এই মন আৰু সৃষ্টিৰ বিষয়ে শঙ্কৰদেৱ লিখিছেঃ

“নানা কৰ্ম কৰিবাক কৰে আলোচন।
একো কাৰ্য্যে স্থিৰ নোহে তাক বুলি মন॥ ৬৩।
সঙ্কল্প বিকল্প ধৰ্ম কৰে আলোচন।
বুদ্ধিমান বুলি তাক জানিবা লক্ষণ।
সমস্তে কৰ্মক মই কৰোঁ বুলি মানে।
অহঙ্কাৰ বুলি তাক জানিবা আপোনে। ৬৪।
নানা সদ কৰ্মক কৰয় নিত্য নিত্য।
নিশ্চয়ে জানিবা ৰাজা তাৰ নাম চিত্ত॥ ৬৫।