মৰুৎ (বায়ু), ব্যোম্ (আকাশ, ঈথাৰ), আৰু মন, বুদ্ধি, অহঙ্কাৰ,
এই আঠটাই সেই গছৰ ডাল। প্ৰাণ, অপান, সমান, উদান, ব্যান,
নাগ, কূৰ্ম, বৃকৰ, দেৱদত্ত, ধনঞ্জয়, এই দশ বায়ু সংসাৰ-বৃক্ষৰ পাত-
ছোত। সেই গছত লগা দুটি ফল হল সুখ আৰু দুখ, আৰু তাত
থকা দুটি পখী হ'ল জীৱাত্মা-পৰমাত্মা। এই দুই পখীৰ বিষয়েই
মুণ্ডকোপনিষদত কৈছে,-“দুটি পখী, নলে-গলে লগা, বাহ লয়
একেজুপি গছত : এটিয়ে জুতি লয় তাৰ সোৱাদ ফল, ইটিয়ে নাখায়;
চাই থাকে মাথোন।” (৩।১।১১)।
তেন্তে এই সংসাৰ-ৰূপী আদি-বৃক্ষৰ সম্পৰ্কে সততে মনত ৰাখিব লগা দশ অঙ্ক এই : ১। এক পৰম-পুৰুষ, ব্ৰহ্ম; এক প্ৰকৃতি। ২। দুই ফল, সুখ আৰু দুখ; দুই পখী, জীৱাত্মা আৰু পৰমাত্মা। ৩। তিনি গুণঃ সত্ত, ৰজঃ, তমঃ। ৪। চাৰি ৰস (চতুৰ্বৰ্গ): ধৰ্ম, অৰ্থ, কাম, মোক্ষ। ৫। পাঁচ জ্ঞানেন্দ্ৰিয়ঃ চকু, কাণ, নাক, জিব, ছাল; পাঁচ কৰ্মেন্দ্ৰিয়ঃ মুখ, হাত, ভৰি, গুহ্য, লিঙ্গ। ৬। ছয় উৰ্মিঃ শোক, মোহ, জৰা, মৃত্যু, ক্ষুধা, পিপাসা। ৭। সাত ধাতুঃ মেদ, মাংস, অস্থি, মজ্জা, শুক্ৰ, ৰস, শোণিত। ৮। আঠটি ডালঃ মাটি, পানী, জুই, বায়ু, আকাশ, মন, বুদ্ধি, অহঙ্কাৰ। ৯। নৱ ভক্তি (আদি-বৃক্ষ উঘালিবৰ উপায়):শ্ৰৱণ, কীৰ্ত্তন, অৰ্চন, বন্দন, স্মৰণ, পদসেৱন, দাস্য, সখিত্ব, দেহৰ্পণ। ১০। দশ বায়ুঃ প্ৰাণ, অপান, সমান, ব্যান, উদান, নাগ, কূৰ্ম, বৃকৰ, দেৱদত্ত, ধনঞ্জয়।
এই আদি-বৃক্ষৰ উৎপত্তি কিহত কেনেকৈ কিয় হবলৈ পালে? “যিটো ব্ৰহ্ম নোহে তৰ্ক গোচৰ। নপাৱে বচনে মনে ওচৰ॥” সেই “অবাঙ্ মনস-গোচৰঃ” ব্ৰহ্মৰ ইচ্ছা হ’ল “একোহহং বহু স্যামি।” “একেশ্বৰে আছোঁ মই আদি নিৰঞ্জন। সৃষ্টি নাহি আমাক যে নকৰে শোভন॥” সেই ইচ্ছাতেই জন্ম হল প্ৰকৃতি দেৱীৰ। ভাগৱত তৃতীয়- চতুৰ্থ স্কন্ধৰ ওপৰত প্ৰতিষ্ঠিত “অনাদি পাতন” গ্ৰন্থত সৃষ্টি-তত্ত্ব আদি সম্পৰ্কে শঙ্কৰদেৱৰ সম্পূৰ্ণ মত তলত দিয়া দৰে পোৱা হয়ঃ