পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৩
দৈনন্দিন ভক্তি-ব্যৱহাৰৰ বিচাৰ


ঐশ্বৰ্য্যশালী হোৱা নাই; লক্ষ্মীৰ পতি আৰু দুৰ্গাৰ পতিৰ অকপট সেৱা কৰিহে মানুহে একো নিবিচাৰিও সকলো পাইছে। অকল ব্যক্তিগতভাৱেই নহয়, জাতিগতভাৱেও নিষ্কাম বৌদ্ধধৰ্ম আৰু বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ফলত উত্তৰ-বৌদ্ধ আৰু উত্তৰ-গুপ্ত যুগৰ ভাৰতবৰ্ষৰ বুৰঞ্জীত ৰাজনৈতিক আৰু সামাজিক ফালেও জয়-জয় ময়-ময় হৈছিল। বহু-ঈশ্বৰবাদে শক্তিৰ বেমেজালি ঘটায়, আৰু একেশ্বৰ- বাদে শক্তিক কেন্দ্ৰীভূত কৰি অসাধ্য সাধন কৰে; পৃথিবীৰ অন্যতম শ্ৰেষ্ঠ ধৰ্ম খৃষ্টান আৰু ইছলামলৈ চালেই ইয়াৰ সত্যতাৰ উপলব্ধি হয়।

⸻⸻