সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৭
ভক্তি-ধৰ্ম আচাৰৰ শুদ্ধাশুদ্ধতা

 সৰ্বসাধাৰণ আৰু সংসাৰী জনৰ পক্ষে এয়ে সম্পূৰ্ণ। এই উপদেশৰ দ্বাৰাই উদ্ধৱ যি অৱস্থালৈ উন্নীত হল :

“উদ্ধৱে কৃষ্ণৰ শুনি বাণী।
মাতিব নোৱাৰি আছা বহি।
স্নেহত আকুল ভৈল মন।
আগ বাঢ়ি গৈলা ধীৰে ধীৰে।
বুলিলা কৰিয়া নমস্কাৰ।
সূৰ্য্যৰ কাষত যিটো থাকে।
কিনো কৃপা ভৃত্যক কৰিলা।
প্ৰভু এড়ি তোমাৰ পাৱক।
ছিণ্ডিলা সুদৃঢ় মোহ পাশ।
দূৰ ভৈল বান্ধৱৰ স্নেহ।

   

কৃতাঞ্জলি ভৈল মহামানী।
চক্ষুৰ লোতক পৰে বহি।
ধৈৰ্য্য ধৰি ভৈলা সন্ধুক্ষণ।
কৃষ্ণৰ চৰণ ছুই শিৰে।
গুচাইলা মোহ অন্ধকাৰ।
তাক কি আন্ধাৰে আৰ ঢাকে।
বিজ্ঞান-প্ৰদীপ মোক দিলা।
কোন জনে ভজিবে আনক।
বিষয়ত কৰিলা উদাস।
দেখো ভিন্ন আপোনাৰ দেহ।

 কিন্তু যিসকলে বানপন্থী বা যতিৰূপে লীনা মুক্তি বিচাৰে, সেইসকলৰ বাবে কৃষ্ণই উদ্ধৱক দিয়া উপদেশ এই :

“নমো নমো যোগেশ্বৰ হৰি।
মুক্ত অৱস্থাতে মোৰ মন।
মাধৱে বোলন্ত এহি হোক।
অলকানন্দক দৰশনে।
পিন্ধিবাহা বাকলি বসন।
থাকিবাহা ইন্দ্ৰিয়ক দমি।
আমাক স্মৰিবা বাক্য মনে।
সংসাৰৰ দোষে হৈবা হীন।
যিটো জ্ঞান শিখাইলোঁ তোমাক।
পাইবা তাৰ অল্পতে প্ৰমাণ।
তৰিবা সংসাৰ ইটো ক্লেশ।

   

ভৃত্যক শিখায়ো ভাল কৰি॥
নেড়ে যেন তোমাৰ চৰণ॥
বদৰিকাশ্ৰম যায়োক॥
এড়িবে সমস্তে পাপগণে॥
বন্য ফল কৰিবা ভোজন॥
হৈবা শান্ত মন নিয়মি॥
মোৰ ধৰ্ম কৰিবা যতনে॥
তেৱে চিত্ত মমাতে যাইবলীন॥
বিচাৰিয়া অভ্যাসিবাঁ তাক॥
এতিক্ষণে এড়া ইটো স্থান॥
দিবাহা আনকো উপদেশ॥”

⸺⸺

১৭