“কৃষ্ণৰ চৰণে হৈব যিমতে ভকতি।
শুনা সাৱধানে তাক স্থিৰ কৰি মতি।৷
বিষ্ণু ভকতৰ সঙ্গ লৈ প্ৰথমতে।
গুৰু মানি শুশ্ৰূষা কৰিব ভালমতে।
লৈয়ে উপদেশ মাধৱক আৰাধিব।
যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিব।৷
কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈব মন।
সৰ্বদায় কৰিবেক কৃষ্ণৰ কীৰ্ত্তন।৷
কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত।
আছন্ত ঈশ্বৰ হৰি সমস্ত ভূতত!৷
হেন জানি প্ৰাণাধিক কৰিব সৎকাৰ।
তেৱেসে কৃষ্ণত ৰতি হৈবেক তোমাৰ।৷
হৰিৰ সেৱাত কিছু নাহিকে প্ৰয়াস।
আপুনি লৈবন্ত হৰি হৃদয়ত বাস।৷
আপুনি জীৱৰ সাক্ষী কৃষ্ণ কৃপাময়।
তাঙ্ক এড়ি সামান্যক সেৱে দুৰাশয়।৷
ধন-জন-প্ৰাণ পুত্ৰ যত পৰিবাৰ।
সমন্তে অবস্তু অণু মাত্ৰ নুহি সাৰ।৷
হেন অনুমানি মাধৱত কৰা ৰতি
ইহ পৰলোকে হৰি চৰণেসে গতি।৷
নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হুইব।
নলাগে সম্ভূত শাস্ত্ৰ বিস্তৰ জানিব।৷
তপ জপ যজ্ঞ দান সৱে বিড়ম্বন।
কেৱল ভক্তিতে তুষ্ট হোন্ত নাৰায়ণ।৷
যক্ষ-ৰক্ষ স্ত্ৰী-শূদ্ৰ যত ব্ৰজবাসী।
পক্ষী মৃগ বিষ্ণু তৈল কৃষ্ণক উপাসি।৷
পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৬২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৪
যুগনায়ক শঙ্কৰদেৱ