কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি যিটো অন্তকালে নিজ প্ৰাণ তেলে,
আদ্যৰ শৱদে মুকুতি তা দিৱয়।
আৰ কিবা বস্তু দিবো বুলি আৰ দুই পদে লজ্জা হুয়া
ঋণী ভৈলো বুলি দমই মাথা থাকয়॥” ৬৩৮।
কিন্তু এনে নামৰ শ্ৰৱণ-কীৰ্ত্তন-স্মৰণ অনুক্ষণ নকৰিলে নহয় :
“শুনা যমদূত কহোঁ নামৰ নিৰ্ণয়।
লৈলে একবাৰ নাম পাপ হোৱে ক্ষয়।৷ ৭৫১।
যেন বহুকাল ঘোৰ আন্ধাৰ আছয়।
একবাৰ প্ৰদীপ জ্বলিলে নষ্ট হয়।৷
সেই মতে হৰিনাম লৈলে একবাৰ।
অনাদি জন্মৰ পাপ হোৱয় সংহাৰ।৷ ৭৫২।
পুনৰপি পাপ আসি চাপয় সমীপ।
বেৰে অন্ধকাৰ যেন নুমাইলে প্ৰদীপ।৷
নামৰ আবৃত্তি সেয়ে এতেকে মহন্তে।
নাসে অন্ধকাৰ যেন প্ৰদীপ থাকন্তে।৷ ৭৫৩।
সদা নাম লোৱন্তে বাসনা হোৱে ক্ষয়।
নোপজয় পাপ পুনু চিত্ত-শুদ্ধি হয়।৷
এতেকেসে শাস্ত্ৰে কহে সদায় স্মৰণ৷
কহিলোঁ সমস্ত তাত নামৰ লক্ষণ।৷ ৭৫৪। ৰত্না
“জানিয়া হৰিক সততে স্মৰ। ক্ষণেকো নপাৰিবাহা নৰ।
যত মহাপুণ্য মহা পাতেক। ইদুইৰো কিন্তু জানা প্ৰত্যেক।৷” ৮৬ কী
“হৰিক সততে স্মৰা প্ৰজা, সমস্ত ধৰ্মৰ ইসে ৰজা,
হৰিক স্মৰণে সিজয় পুণ্য কিঙ্কৰ।
নাপাৰিবাঁহা কদাচিত, শুনা কথা ইটো বিপৰীত,
হৰি পাসৰিলে সিজে পাপ নিৰন্তৰ।” ৬৪।