সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৬
যুগনায়ক শঙ্কৰদেৱ

“নাৰায়ণ নাম  নৰ সমস্তৰ
 প্ৰসিদ্ধ চৌৰ বিশেষ।
অনাদি জন্মৰ  সঞ্চিত পাতক
 স্মৰণে হৰে অশেষ।”

নামৰ এনে গুণ-ব্যাখ্যানতো ভক্তি-শাস্ত্ৰসমূহ সদায় মুখৰ। অজামিল প্ৰসিদ্ধ কাহিনী এই প্ৰসঙ্গত সদায় উদ্ধৃত হয়; তাৰ আলোচনা আগতে অলপ উনুকিয়াই অহা হৈছে। কিন্তু মইনা শালিকা ভাটো আদিয়েও শিকনিত ৰাম-কৃষ্ণ বোলে, মানুহেও ৰাম-কৃষ্ণ নাম লয়; আৰু এনেও হব পাৰে, যি খল বা ধূৰ্ত্ত তাৰ মুখত আনতকৈ খৰকৈ ৰামকৃষ্ণ নাম আখৈ ফুটাদি ফুটে : তেন্তে তাৰ দ্বাৰা চৰাইৰ ভিতৰত মইনা শালিকা ভাটৌ আৰু মানুহৰ ভিতৰত সাধু-খল আটায়েই উদ্ধাৰ পাব পাৰে নে? দেখাতেই ই সম্ভৱ নহয়, সম্ভৱ হোৱা হলে যি যিমানে পাপ কৰে সি সিমানে নাম ল'লেহেতেন আৰু যি যিমানে নাম ল'লেহেতেন সি সিমানে পাপ কৰিলেহেতেন। ফলত, নামৰ নামত পৃথিবী ৰসাতলে গলহেতেন।

 যেনেকৈ “নপায় একাদশী উপবাসে। নপায় মোক যোগ সন্ন্যাসে।” বোলাত ‘একাদশীৰ উপবাস কৰিব নাপায়’ এনে নিষেধ নুবুজায়; যি দৰে “লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশ। মোৰ ভকতক নোছোৱে একো দোষ।” বোলাত ভকতক লোভ মোহ কাম ক্ৰোধ, বিষয় আক্ৰোশ’ কৰিবলৈ বিধান দিয়া হোৱা নাই, বৰঞ্চ ‘লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশ’ নথকাটোহে ভক্তৰ লক্ষণ-ৰূপ নিৰ্দেশ কৰিছে; যেনেদৰে, “অনাচাৰ কৰি মোৰ অপৰাধী নুহি। আন দেৱ পূজে যিটো সিসে মোৰ দ্ৰোহী।” বোলাত অনাচাৰৰ বিধান দিয়া হোৱা নাই, ‘অনাচাৰ যিমান নিন্দনীয়, ব্যভিচাৰ তাতোকৈ ঘৃণনীয়’, এনে কথা হে কোৱা হৈছে: তেনেকৈয়ে নাম-মাহাত্ম্যসূচক পদবোৰে নাম যে কিমান পৱিত্ৰ আৰু মহৎ, গতিকে তেনে নাম-ধৰ্ম গ্ৰহণ কৰিবলৈ আমাৰ দেহ মন কিমান পৱিত্ৰ