নোৱাৰে; গতিকে কোনো বৈষ্ণৱে “পঞ্চ দেৱতাৰ পূজা” নকৰে আৰু কৰিব নোৱাৰে। বৰঞ্চ,
“হৰিৰ গৃহৰ দ্বাৰে বেত্ৰৰ প্ৰহাৰ যোগ্য
ইন্দ্ৰ আদি যত দেৱজাক।” ১০৪।
চাৰি বেদৰ ঘাই দেৱতা, স্বৰ্গৰ ৰজা ইন্দ্ৰ আদি দেৱতা জাকৰে যদি সেই গতি, তেওঁলোকৰ লগুৱা-লিগিৰীৰ কথা আৰু কব লাগিছেনে? যি হওক, ধূৰ্ত্ত বুদ্ধিৰ সেই ষড়যন্ত্ৰও নিটিকিল!
“এতেকে কিঙ্কৰী ঋণী ভকতিবিহীন
পঞ্চ যজ্ঞ কৰিয়া পঞ্চৰো শুজে ঋণ॥ ৩৯৫।
সৰ্বভাৱে মুকুন্দত যি লৈলে শৰণ।
নোহে ঋণী কিঙ্কৰ পঞ্চৰো সিটো জন॥
এড়ি আন কৃত্য চিত্ত দিলেক হৰিত।
ভৈল কৃতকৃত্য সিটো এতেকে কলিত॥” ৩৯৬।
কহিলো বিহিত কৰ্ম ত্যাগ ভকতৰ।
যদি প্ৰমাদত পাপ কৰে সিটো নৰ॥
তথাপি নলাগে তাৰ আৰ প্ৰায়শ্চিত্ত।
শুনিয়োক নিমি তুমি স্থিৰ কৰি চিত্ত॥ ৩৯৭।
এড়িলেক যিটো আন দেৱত ভকতি।
একে মাধৱক মাত্ৰ ভজে দৃঢ়মতি।
তাহাৰ পাতক যদি মিলে প্ৰমাদত।
নাশ হোৱে সিয়ো ঈশ্বৰৰ প্ৰসাদত।” ৩৯৮।
—নিমি নৱসিদ্ধ সম্বাদ
“যিটো জন যায় মাধৱৰ নাম স্মৰি।
পাছে পাছে ফুৰে দেৱ-দেৱী তুতি কৰি॥
মূৰ্তিমন্ত হুয়া পাঁচ প্ৰকাৰ মুকুতি।
মোক লৈয়ো বাপ বুলি কৰ কাকুতি।৷” একাদশ