বিষ্ণুময় দেখে যিটো সমস্ত জগতে।
জীৱন্তে মুকুত হোৱে অচিৰ কালতে॥ ১৮৮১॥
সকল প্ৰাণীক দেখিবেক আত্ম সম।
উপায় মধ্যত ইটো অতি মুখ্যতম॥” ১৮৮২।
আৱেস্তাত কৈছে: ‘ধনী বা দুখীয়া, উচ্চ বা নীচ, সকলোৰে প্ৰতি তোমাৰ কৰ্ত্তব্য আছে; যি নিজ কৰ্ত্তব্য নকৰে সি সেইবোৰক পাব লগা উপকাৰৰ পৰা বঞ্চিত কৰে; গতিকে দিন-ৰাতি ছেদ- ভেদ নোহাৱাকৈ নিজ কৰ্ত্তব্য কৰাঁ। (বেনদিদাদ্ ৪৷১)। আকৌ, ‘যি দুখীয়াৰ দুখ বোটলে তেৱেঁইহে অহুৰ মজদাৰ প্ৰকৃত উপাসক।' (বেনদিদাদ্ ৮৷১৯)। মাধৱদেৱে লিখিছে,—
“তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ,
তুমি নাথ মই নাথৱন্ত।
চৰণ-ছত্ৰৰ ছায়া দিয়া দূৰ কৰাঁ মায়া,
কৰাঁ দয়া মোৰ ভগৱন্ত।” ১২৯।
“ধৰ্মক জানোহো মই, তথাপি প্ৰবৃত্তি নাই,
অধৰ্মতো নিবৃত্তি নোহয়।
হৃদি-স্থিত হুয়া তুমি যেন কৰাবাঁহা স্বামী।
হৃষিকেষ কৰিবো তেনয়॥” ১৩৮।
আবেস্তাত আছে, “হে অহুৰ মজদা, তুমি মোক চলাই নিয়াঁ। বিবেকে আত্মশোধন কৰে, আৰু তুমিয়েই সেই বিবেকৰ নিয়ন্তা।' (গাথা ৪৬৷৯)।
⸻
২