ছাবিশ
ভক্তিৰ বিৰোধী-অবিৰোধী কৰ্ম
সৃষ্টিৰ আদিত আছিল নাম (শব্দ); নাম আছিল ঈশ্বৰৰ লগত,
হক নামেই আছিল ঈশ্বৰ (শব্দই ব্ৰহ্ম)”। (নৱবিধান, জন,
১।১)! শঙ্কৰদেৱেও তাকে কৈছে : “আপোন নামৰ সঙ্গ নছাৰস্ত
হৰি। যেই নাম সেই হৰি জানা নিষ্ঠ কৰি।” শঙ্কৰদেৱৰ প্ৰচাৰিত
ভক্তি-ধৰ্মত নামৰ নিজ স্থান এনেদৰে নিৰ্ণয় কৰিব পাৰি : জ্ঞান-পন্থাত
যি ব্ৰহ্ম অজ্ঞেয়, ধ্যেয়; বেদান্তৰ নিৰ্গুণ বস্তু, “অবাঙ্মনস-গোচৰঃ”
ভক্তি-পন্থাত, ভগৱান (ব্ৰহ্ম) আশ্ৰয়জাতীয়, সেব্য;
(জীৱ) আশ্ৰিত জাতীয়, সেৱক। স্বৰূপতে, ভগৱান আৰু ভক্ত সম-
জাতীয় : মাত্ৰ ভগৱান বিভু-চিৎ, ভক্ত অণুচিৎ; ভগৱান সৰ্বশক্তিমান,
ভক্ত অল্পশক্তিমান। ভক্তি (সেৱা) স্বৰূপতে আশ্ৰয়-গ্ৰহণ, ভগৱানত
শৰণ। ভক্তৰ স্বভাৱ অনুসাৰে ই দ্বিধা হয়, (১) বিদ্ধা (সকাম );
(২) শুদ্ধা ( নিষ্কাম )। (১) বিদ্ধা (সকাম) দুবিধ : (ক) কৰ্মবিদ্ধা
(যজ্ঞ-দানী); (খ) জ্ঞান-বিদ্ধা (তপ-জপী)। কৰ্ম-বিদ্ধা সদায়
বুভুক্ষু (“দেহি দেহি পুনঃ পুনঃ”); জ্ঞান-বিদ্ধ। মুমুক্ষু (“সোহহং,”
ব্ৰহ্ম-পদ অভিলাষী); উভয়েই যি যি ফল বাঞ্চে বা লভে, সকলো
বিনাশী আৰু ক্ষণস্থায়ী। শুদ্ধা (ৰসময়ী) ভক্তিৰ আৰু ঠাল নাই,
ইয়াৰ ফল অবিনাশী (“কৃষ্ণ নাম চৈতন্য স্বৰূপ”): ই অহৈতুকী,
অপ্ৰতিহতা, অব্যভিচাৰী, কৃচ্ছ্ৰহীনা। ভক্তি-বৃক্ষৰ চিত্ৰ এনেদৰে
কল্পনা কৰিব পাৰি।