পৃষ্ঠা:Yugnayak Sankardeva.djvu/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২১
গুৰু-চৰিতৰ পোহৰত মূৰ্ত্তি-বিচাৰ

ছুইবেক নলাগে তাক,  যোগ্য নহে দেখিবাক।”
 শুনিয়া শঙ্কৰে বুলিলন্ত।
সৱে ব্ৰাহ্মণক চাই, আতৈসৱ, হুই মুই
 ব্ৰহ্মানন্দে যিবা কহিলন্ত॥”
শুনিয়া ব্ৰাহ্মণজাক সৱেয়ো বুলিলা বাক,
 “হুই ব্ৰহ্মানন্দে কৈলে যিটো।”
শুনিয়া শঙ্কৰদেৱে পুনু পুনু দঢ়াই দঢ়াই
 বোলে “নিষ্ট কৰি কৈলা সিটো॥ ২২৮২।
চণ্ডালে অধিক সিটো  ছুইবে যোগ্য নাহি যাতো”;
 শুনি বিপ্ৰসৱে কহিলন্ত।
“সত্যে সত্যে যিটোজন হৰিৰ নামক নিন্দে,
 সেহিজন পাতকী অনন্ত॥” ২২৮৩।

এইদৰে বামুণবিলাকক নিজৰ মুখৰ কথাতেই বান্ধত পেলাই লৈ শঙ্কৰ- দেৱে ঘাই কথাৰ মীমাংসালৈ আহিলঃ

‘শঙ্কৰে বোলন্ত তেৱে ভকতৰ মালা কেনে
 কাঢ়ি লোৱা তুমি সমস্তই॥
পাপীৰ বস্তুক খোৱা, তোৰায়ে নামক নিন্দা,
 তোৰাকে ছুবাক নলাগয়।
এহি মতে আনো নানা বুলিয়া শঙ্কৰদেৱে
 পুনৰপি বুলিলন্ত তয়॥ ২২৮৬।
সহস্ৰেক নাম, গীতা, ভাগৱত, তিনিখান
 শাস্ত্ৰ যেৱে খণ্ডিবাক পাৰ।
কাঢ়ি লৈব নলাগয়, আপুনি মালাক তেৱে
 নিষ্ঠে বোলোঁ তেজিবোঁ আমাৰ॥
যেৱে তিনিখানি শাস্ত্ৰ  খণ্ডিবাক নপাৰাঁহা,
 তেৱে মালা লোৱা কেনে জানি।