সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০২
যুগনায়ক শঙ্কৰদেৱ

 বাঢ়ে প্ৰীতি বেদৰ শুনিয়া ফল-শ্ৰুতি।
 পাছে সেই কৰ্মে তাৰ সাধিব মুকুতি॥
 যেন পিতৃ শিশুক লাড়ূ লোভ দেখাৱয়।
 তাক পাইবো বুলি শিশু ঔষধ পিয়য়॥
 পাছে খণ্ড লাড়ুৱে গৰ্ভৰো ৰোগ হবে।
 সেহিমতে অজ্ঞানী বেদৰ শিক্ষা ধৰে॥
 পাছে বেদে বোলে এড়াঁ‌ ইসৱ কামনা।
 নিষ্কামে কৰিবোঁ‌ এক কৃষ্ণত অৰ্পণা॥
 সেহি কৰ্মে কৰে বিষয়ত বিৰকতি।
 উপজাইবে মাধৱত পৰম ভকতি॥” নিঃ নঃ সিঃ ২১১-১৪।

 ইয়াৰ পৰাই নিৰ্মল চিত্তৰ বাবে এইটো স্পষ্ট নহয়নে চাৰি বেদৰ চেষ্টা বেদান্তৰ ব্ৰহ্মবিদ্যা বা আত্ম-তত্ত্বৰ বাবে জখলাৰ নিছেই তলৰ খাপ কেইটা বা লৰাক খোজ কাঢ়িবলৈ সজ কৰাবলৈ বান্ধি দিয়া বাঁহৰ মাৰি কেইডাল? শুকান মাটিত যেনেকৈ সঁতোৰ শিকিব নোৱাৰি, ভৌতিক আদৰ্শত তেনেকৈ আধ্যাত্মিক শিক্ষা দিয়াব নোৱাৰি। গীতাৰ শিক্ষাৰ মাজত অৰ্জ্জুনে জানোবা দেৱকী পুত্ৰকে পৰমাত্মাৰ ৰূপ বুলি ভুল কৰে, তাৰ নিৰাকৰণৰ বাবেই বিশ্বৰূপৰ অৱতাৰণা, স্থূল ভৌতিক জগতৰ পৰা সূক্ষ্ম আধ্যাত্মিক জগতলৈ তুলিবৰ যত্ন। শঙ্কৰদেৱে "ধ্যানবৰ্ণন”ত ভক্তৰ বাবে এই চেষ্টাকে কৰিছে। প্লেটোই কোৱাৰ দৰে ঘোৰা গৰু আদিৰ মানসিক ৰূপ এটা যি মনত ধাৰণ কৰিব নোৱাৰে, তেনে লোক ঘোৰা বা গৰুৰ দৰেই হৈ থাকিব : তাৰ আধ্যাত্মিক কিয় মানসিক জীৱনেই সম্ভৱ নহব।

 যেনে মাটিৰ মূৰ্ত্তি বা কাঠৰ পুতলা, তেনে অগ্নি, সূৰ্য্য, বায়ু, বৰুণ আদি দেৱতা; কোনো মানুহে সজা এটা বস্তুৱে যেনেকৈ মানুহটোৰ সম্যক ধাৰণা দিব নোৱাৰে, ঈশ্বৰে গঢ়া এইবোৰ বস্তুৱেও তেনেকৈ ঈশ্বৰৰ স্বৰূপ বুজাব নোৱাৰে নিশ্চয়। তদুপৰি ভৌতিক আধ্যাত্মিক