সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বাইশ

অবৈষ্ণৱ ব্যাখ্যাৰ বিৰুদ্ধে সাৱধান

“অবৈষ্ণৱ মুখোদগীৰ্ণং পুতং হৰিকথামৃতম্।
শ্ৰৱণং নৈব কৰ্ত্তব্যং সৰ্পোচ্ছিষ্টং যথা পয়ঃ॥”

 অৰ্থাৎ অবৈষ্ণৱৰ মুখেদি উগাৰি দিয়া পৱিত্ৰ হৰিকথাৰ অমৃতো শুনিব ( স্বাদ কৰিব) নাপায়; কিয়নো সি সাপে মুখ দিয়া গাখীৰৰ দৰে (বিষাক্ত)। গতিকে শঙ্কৰদেৱৰ ভক্তি-মতৰ আলোচনা কৰোঁতে এনে অবৈষ্ণৱ লোকৰ মত-নিৰ্দেশ অৱশ্য বৰ্জনীয়। তেনে- হলে কথা হ'ল, বৈষ্ণৱ-অবৈষ্ণৱ কি স্বভাৱেৰে চিনিব পাৰিঃ শঙ্কৰদেৱে নিজে “কীৰ্ত্তন”ত তাক স্পষ্ট চিনাই দিছেঃ

“শৰীৰ-শৱক মই বোলে চিত্তে।
মমত কৰে পুত্ৰ ভাৰ্য্যা-বিত্তে॥
তীৰ্থ বুলি কৰে জলত শুদ্ধি।
প্ৰতিমাত কৰে দেৱতা বুদ্ধি॥
বৈষ্ণৱত নাই ই সৱ মতি।
গৰুতে অধম কৃষ্ণ বদতি॥”

নীচ বুদ্ধিৰ শুক্ৰই বলিৰ বিষ্ণু-সেৱাত বাধা দিবলৈ বুলি পানী-ঢলা পাত্ৰত সোমাই তাৰ পাছত সেই দোষত বামনৰূপী বিষ্ণুৰ হাতেৰে নিজ চকু ফুটাই লোৱাৰ দৰে, “অন্তঃ শাক্তাঃ বহিঃ শৈৱাঃ সভা মধ্যে তু বৈষ্ণৱাঃ” বোলাৱা বিলাকে আগতেই নিজৰ চকু ফুটাই লৈ ইয়াৰ বিপৰীত অৰ্থ কৰি নিজক আৰু অজ্ঞানীজকো ভুৱা দিব খোজে। ভাষা বা ভাবৰ সঙ্গতি বলি দি বোলে ইয়াত “তীৰ্থ বুলি কৰে জল শুদ্ধি, প্ৰতিমাত কৰে দেৱতা বুদ্ধি”, এনেবোৰক “গৰুতো অধম” বোলা নাই, “বৈষ্ণৱত নাই ইসৱ মতি” বোলাবোৰকহে “গৰুতো অধম” বুলিছে!! সঁচাকৈয়ে যেন মানুহৰ অসৎ ভাৱ লুকুৱাবলৈহে ঈশ্বৰে ভাষা স্ৰজিল!