পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৯
শঙ্কৰদেৱৰ আগতীয়া গ্ৰন্থসমূহ

ভুঞ্জিবো বিশিষ্ট ভোগ লভিয়া স্বৰ্গক।
হেয় কামনা কৰি অৰ্চে ঈশ্বৰক॥
বাঢ়ে প্ৰীতি শুনিয়া বেদৰ ফল শ্ৰুতি।
পাছে সেহি কৰ্মে তাৰ সাধিবে মুকতি॥ ২১২।
যেন পিতৃ শিশুক লাৰু লোভ দিৱয়।
তাক পাইবে বুলি শিশু ঔষধ পিয়য়॥২১৩।
পাছে বেদে বোলে এৰাঁ‌ ইসৱ কামনা।
নিষ্কামে কৰিবাঁ‌ এক কৃষ্ণত অৰ্পণা।
সেহি কৰ্মে কৰায় বিষয়ত বিৰকতি।
উপজাইবে মাধৱত পৰম ভকতি॥ ২১৪।

অঙ্কবোৰত আৰু ভাগৱত-ভাঙনিৰ ভিতৰত থকা বিভিন্ন উপদেশবোৰ বিভিন্ন প্ৰসঙ্গত আলোচনা কৰা হ'ব। সম্প্ৰতি “বৃহৎ অজামিল উপাখ্যান” আৰু “অনাদি পাতন”ত গুৰুজনাই নিজ মতৰ প্ৰতিষ্ঠা কি দৰে কৰিছে যথাক্ৰমে তাৰ আলোচনা কৰা হওক।