পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
যুগনায়ক শঙ্কৰদেৱ

 কামৰূপী বিপ্ৰ এতে মৎস্যক ভুঞ্জয়।
 এহি বুলি ছুইলে স্নান তেক্ষণে কয়॥ ১৪২৮।
 এক কথা শুনা ভাগৱতত আছয়।
 নিমি-নৱ সিদ্ধৰ সম্বাদ যেন নয়।
 শঙ্কৰে তাহাৰ কৰিছন্ত পদচয়!
 শুনতে লোকৰ বহু আনন্দ মিলয়॥ ১৪৩২।
 আৱৰণ কৰিছন্ত প্ৰথম কালত।
 কণ্ঠভূষণৰ পুথি আছিল লগত।
 ৰাত্ৰি অৱসানে তাক গাইবাক লাগিলা।
 এক চিত্ত কৰি গুৰু শুনিয়া আছিলা॥ ১৪৩৩।
 প্ৰভাততে গুৰু ছাত্ৰশালক গৈলন্ত।
 কণ্ঠভূষণেও উঠি তৈকে আসিলন্ত॥
 ৰামভট্টে বুলিলন্ত কণ্ঠভূষণক।
 কৈত পাইলা তুমি ভাগৱতৰ পদক॥ ১৪৩৪।
 উত্তম পঠন আক কোনে বিৰচিলা।
 কণ্ঠভূষণেও শুনি কহিবে লাগিলা॥
 আমাৰ দেশত আছে নামত শঙ্কৰ।
 পৰম মহন্ত অগ্ৰগণী বৈষ্ণৱৰ॥ ১৪৩৫।
 তেন্তে কৰিছন্ত ভগৱতৰ পদক।
 শুনি ৰামভট্ট গুৰু পাইল আনন্দক॥
 পুনৰ্বাৰ গুৰু সম্বোধিয়া বুলিলন্ত!
 শুনা কণ্ঠভূষণ তুমি মহা ভাগৱত॥ ১৪৩৬।
 যি দেশত মহা ভাগৱত প্ৰচাৰয়।
 তাহাৰ সমান পুণ্য ভূমি নাহিকয়॥
 কণ্ঠভূষণ তুমি কিসক আসিলা।
 মহা ভাগৱত পঢ়ি কেনে নৰহিলা॥ ১৪৩৭।