পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈদিক ধৰ্মৰ বহু-শৰণ


শক্তিশালী আৰু সৌন্দৰ্য্যশালী ঐশ্বৰ্য্য (গুণ)-বোৰক মাত্ৰ দেৱতা বোধেৰে উপাসনা কৰা হৈছিল; কিন্তু শেষত অথৰ্ব বেদৰ কালত দেৱ- দেৱীবোৰৰ আদি-অন্ত নোহোৱাত পৰিল। “হাৰিয়া জিনয় কতো জিনিয়া হাৰয়।” বিজিত অনাৰ্যবিলাকে বিজেতা আৰ্যবিলাকক এইদৰেই পৰাজয় কৰিল।

 ‘প্ৰথম পাষণ্ডৰ পাষণ্ডালি আৰু প্ৰথম মূৰ্খৰ মূৰ্খালিৰ মিলনৰ ফলেই ধৰ্ম!–‘প্ৰতিমাৰ পতন' নামৰ পুথিৰ প্ৰসিদ্ধ বিচাৰ-বাদী আৰু মানৱতা-পৰিপোষক ভাবুক লেখক ইঙ্গেই কোৱা এই কথা যুক্তিৰে খণ্ডন কৰা কঠিন। বিজুলী-ঢেৰেকনি, ভূইকঁপ-বানপানী, ধুমুহা-মহামাৰি আদিৰ প্ৰকোপত প্ৰকম্পিত হৈ তাৰ কাৰণ আৰু নিবাৰণৰ উপায় নেদেখি আদিম মানুহ সাধাৰণতে ভয়ত পেপুৱা লগা যেনে স্বাভাৱিক; “য’তে শৱ থাকিব, ততে শগুন পৰিব”, ইও তেনে স্বাভাৱিক। সৰ্ব-সাধাৰণৰ সেই অজ্ঞতাৰে চেলু লৈ সিহঁতক শুহি খাবৰ বাবে সিহঁতৰ ভিতৰতে কিছুমান নীচ আপোন- পেটীয়া ধূৰ্ত লোক ওলাল; আৰু সেই ভয়ঙ্কৰ প্ৰাকৃতিক শক্তিবোৰক সিহঁতক শতুৰু শালিবলৈ আকাশত লুকাই থকা অতি শক্তিধৰ দেৱতা বুলি অভিহিত কৰিলে। এই পাষণ্ডবোৰেই আকৌ নিজক সেই তথাকথিত দেৱতাবোৰৰ দোৱনীয়া বা ঘটক সাজি সেই মুখবোৰৰ তেজ শুহি খাবৰ উপায় উলিয়ালে; প্ৰাচ্যত ইহঁতৰ মুখেই যেনেকৈ সেই খকুৱা দেৱতাবোৰে খক পূৰোৱা হল, পাশ্চাত্যত সেইদৰে সেই স্বাৰ্থ-দুষ্ট দেৱতাবোৰে ইহঁতৰ জিবাৰেই মূৰ্খবোৰক সিহঁতৰ দাবীৰ কথা ঘোষণা কৰা হল, সন্দেহ নাই। দুৰ্ভাগ্যৰ কথা, লাজৰ বিষয়, জগতৰ ইতিহাসত সেই প্ৰথম পাষণ্ড আৰু প্ৰথম মূৰ্খৰ অবাধ মিলন আজিও নানা দেশত নানা ভেশত চলি আছে। ধৰ্মৰ নামত, দেৱ-দেৱীৰ নামত, ধন-সম্পত্তিৰ যে কথাই নাই, আন জীৱ-বলিৰ কথাই নাই, নৰ-বলিও সৌ সিদিনালৈকে প্ৰকাশ্য-ভাৱে চলি আছিল, আৰু অপ্ৰকাশ্যভাৱে .