পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
শঙ্কৰদেৱৰ তীৰ্থভ্ৰমণৰ তাৎপৰ্য

উপ-বদৰিকাশ্ৰম   তাত পাছে দেখিলন্ত,
 যৈত যৈত আছয় বিস্তৰ॥” ২৩২।

ৰামানন্দ দ্বিজৰ মতে তীৰ্থৰ পৰা উলটি অহাৰ পাছত বুঢ়ীমাক খেৰ- সুতীক জয়ে জয়ে নাম-ধৰ্ম দিছে:

“প্ৰথমত বুঢ়ী আইত  নাম-ধৰ্ম কহিলন্ত
 তাৰিবাক লাগি সৰ্বজন।”

দৈত্যাৰিয়ে এই প্ৰসঙ্গত আন কথাহে কৈছে :

“আসিলা শঙ্কৰদেৱ শুনি বুঢ়ী আই।
দিলা বেগ খাটত পড়িলা ঝুটি খাই॥ ৭০।
লাগিয়া খাটৰ খুড়া ঘাৱ ভৈল ভৰি।
কান্দিবে লাগিলা শঙ্কৰৰ গলে ধৰি॥ ৭১।
এতদিন বাপু তুমি কিসক নাসিলা॥” ৭২।

শঙ্কৰদেৱৰ তীৰ্থ-ভ্ৰমণৰ তাৎপৰ্য্য বিচাৰ কৰিলে তীৰ্থ-ভ্ৰমণৰ পৰা ঘূৰি আহি মাধৱদেৱক লগ পোৱাৰ আগতে ধূঞাহাটত তীৰ্থভ্ৰমণ অভিলাষী গয়াপাণিৰ সাক্ষাৎ-প্ৰসঙ্গ উল্লেখ কৰিলেই যথেষ্ট হব। দৈত্যাৰিৰ মতে,

“তেহে কহিলন্ত,  ‘হোঙ্কৰা কুঞ্চিয়া
 গিৰিৰ আমি তনয়।
‘জানিলো’ শঙ্কৰ- দেৱে বুলিলন্ত
 ‘কহিয়োক মহাশয়॥
কিবা পঢ়ি আছা?  তেহে বোলে ‘অল্প,
 নাহিকে পঢ়া বিস্তৰ’।
‘এক গুটি শ্লোক  পঢ়িয়ো, এতেকে
 জানিবোঁ’ বোলে শঙ্কৰ॥ ২২৭।