সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৭
শঙ্কৰদেৱৰ তীৰ্থভ্ৰমণৰ তাৎপৰ্য


কেৱৰ শাস্ত্ৰৰ কথা সহজে আয়ত্ত কৰাত সহায় কৰিব পাৰে। গতিকে চিহ্নযাত্ৰা ৰচনা, ভাগৱতৰ পৰা উদ্ধৱ-সম্বাদ ৰচি শৰণ-দান, বৰদোৱাৰ নামঘৰত চতুভুজ মূৰ্ত্তি-থাপন আদি দেখি-শিকাতকৈ বৰ সৰহ জ্ঞান নুবুলিব পাৰি। পত্নী-বিয়োগত বিষয়-বিৰক্তিৰ হলাহল উপচি পৰিল, আৰু বাৰ-বছৰীয়া তীৰ্থ-ভ্ৰমণে শাস্ত্ৰ-জ্ঞানৰ লগত সংসাৰ-জ্ঞান মিলাই ঠেকি-শিকা জ্ঞান লাভৰ অৱকাশ যাচিলে। সেই তীৰ্থ-ভ্ৰমণৰ সূক্ষ্মবিৱৰণৰ মাজত তীৰ্থ-ভ্ৰমণৰ পৰা শঙ্কৰদেৱে কোনো পূণ্য গাত সানি অনা বা কৰবাত কোনোবাই শিক্ষা-দীক্ষা দি কল-কৌশল শিকাই-বুজাই পঠিওৱাৰ লেশমাত্ৰ আভাস পাবলৈ নাই। তাৰ বিপৰীতে, শঙ্কৰদেৱেহে স্বয়ং জগন্নাথ-ক্ষেত্ৰত ব্ৰহ্মপুৰাণ আদি শাস্ত্ৰৰ ব্যাখ্যাৰে নিজ পাণ্ডিত্য আৰু মাহাত্ম্য় স্থাপিত কৰি অহাৰ সম্পূৰ্ণ সঙ্কেত পোৱা হয়।

 শঙ্কৰদেৱৰ সমসাময়িক নাৰায়ণ ঠাকুৰৰ পুতেক পুৰুষোত্তম ঠাকুৰে তেওঁৰ গুৰু-গুণমালা’ পুথিত ভাৰতবৰ্ষৰ নানা ঠাইত এই তীৰ্থ- ভ্ৰমণত হোৱা শঙ্কৰদেৱৰ শিষ্যসমূহৰ উল্লেখ এনেদৰে কৰিছেঃ

“ৰাধাদাস সন্ত’
শৰণ লৈলন্ত
ত্ৰিজটা সন্ন্যাসী
গুৰুক উপাসি
গোপীনাথ সন্ত
শৰণ লৈলন্ত
সেতুৰ খণ্ডত
গুৰু মানিলন্ত
ৰামভদ্ৰ সন্ত
কৰ্ম এড়িলন্ত
কৃষ্ণকান্ত সন্ত
গুৰু মানিলন্ত

   

গুৰু মানিলন্ত।
হৰি ভজিলন্ত॥ ৯১।
তেহোঁ পৰবাসী।
ভজিলন্ত আসি॥ ১২।
কৰ্মী আছিল।
হৰি ভজিলন্ত॥ ৯৩।
বিশ্বনাথ সন্ত।
শৰণ লৈলন্ত॥ ৯৪।
পৰম মহন্ত।
হৰি ভজিলন্ত॥ ৯৫।
পৰম মহন্ত।
হৰি ভজিলন্ত॥ ৯৬।