সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
শঙ্কৰদেৱলৈ দৈবিক সকীয়ন

“আশ্বিন মাসৰ  দুই দিন যান্তে
 শুনা যেন ভৈল পাছে॥
বুধ বাসৰৰ দুই দণ্ড বেলা
 যেৱে ভাঠি দিয়া গৈলা।
হৰি মনে স্মৰি  শঙ্কৰক ধৰি
 বৈকুণ্ঠ লাগি লড়িলা॥” ১৭৬১।

এতেকে শঙ্কৰদেৱৰ একুৰি দুবছৰত ১৪৭১ খৃঃৰ আহিনত সূৰ্য্যৱতী বৈকুণ্ঠী হয়। ফুকলীয়া কালতে মাতৃ-পিতৃ হেৰোৱাই গুৰুজনৰ মনত বিষাদৰ যি গভীৰ ছাঁয়া পেলাইছিল এতিয়া সি দুগুণে ডাঠ হৈ বিভীষিকা স্ৰজন কৰিলে।—

“শঙ্কৰে বোলন্ত বিলম্বত কাৰ্য্য নাই।
তিনি পিতামহ তাঙ্ক আনিলা মতাই॥ ১৮১৮।
ক্ষেত্ৰক যাইবাক মোৰ হুয়া আছে মন।
মনুৰ বৰক লাগি কৰিয়ো যতন॥ ১৮১৯।
তাঙ্ক বিহা দেওঁ কন্যা সাত বৎসৰৰ। ১৮২০।
শঙ্কৰে বোলন্ত কালি বৃহস্পতিবাৰ।
আঘন মাসতে বিহাঁ দিবোঁ নিষ্টে তাৰ॥১৮২২।
শঙ্কৰে বোলন্ত বাপু শুনিয়ো জমাই।
একগুটি ঝিয় মোৰ পুত্ৰ আন নাই॥১৮৩৬।
তুমি যে আমাৰ পুত্ৰ থাকা মোৰ ঘৰে।
যতেক সৰ্বস্ব আছে সৱেয়ো তোমাৰে॥” ১৮৩৭।

মনুৰ বিয়াৰ ঠিক পাছতে এই বিয়া হয় যেতিয়া, ১৪৭৮ খৃঃৰ আঘোণ- পুহ মানতে অৰ্থাৎ গুৰুজনৰ ২৯ বছৰ পাৰ হোৱাৰ পাছতে এই তীৰ্থ-

যাত্ৰা আৰম্ভ হয়। মন কৰিব লগা কথা, ঠিক এনে বয়সতে বুদ্ধদেৱৰো মহাভিনিক্ৰমণ হয়। এই তীৰ্থ-যাত্ৰাৰ আৰম্ভৰ পৰা শেষলৈকে জীৱন্ত বৰ্ণনা ৰামচৰণে দিছে; তদুপৰি দৈত্যাৰি আদি আনসকলৰ চৰিতৰো মূলতে একেদৰেই আছিল।⸺