তেওঁলোকৰ নিজ নিজ পূৰ্ব-পুৰুষৰ ভেটি চিনি তাত বহি যায় (ৰা, চ, ১৬০৪-১৪)। তাতে দৈৱক্ৰমে এনে ঘটনা ঘটিলঃ
“শঙ্কৰে কীৰ্ত্তন-ঘৰ সাজিবাক গৈল।
ভিঠি বান্ধিবাক লাগি সমস্তে আসিল॥
আপুনি শঙ্কৰে পাছে কোড়ক ধৰিলা।
পৃথিবীত চতুৰ্ভুজ মূৰ্ত্তিক দেখিলা॥ ১৬১৫।
কোড় এৰি শঙ্কৰেয়ো মূৰ্ত্তিক ধৰিল।
দেখিয়া মনত বৰ হৰিষ মিলিল॥
শিলৰ প্ৰতিমা গাৱ কালা অতিশয়।
চিকমিক কৰে গাৱ অধিকে শোভয়॥১৬১৬।
ৰামৰাম গুৰুৰ আগত কৱে কথা।
দেখা দেখা মোহক হৰিৰ কেনে বেথা॥
অনেক যতন কৰি মূৰ্ত্তিক নপায়।
দেখিয়োক হৰি আনি দিলেক ঠেকাই॥১৬১৭।
পূজিবোঁ ঈশ্বৰ ঐত সিদ্ধি হৈব কাম।
দেৱীপূজা এৰি সৱে লৈব কৃষ্ণ নাম॥
এই বুলি কীৰ্ত্তন ঘৰ সজাইলন্ত।
ভিঠি বান্ধি আসনত মূৰ্ত্তি থাপিলন্ত॥” ১৬১৮।
শঙ্কৰদেৱৰ ধৰ্ম-প্ৰবৰ্তক জীৱনৰ এইটি দ্বিতীয় খুটি। ইয়াত কোনো- কোনোৱে গুৰুজনৰ মূৰ্ত্তি-পূজাৰ ধাউতি দেখিব পাৰে, কিন্তু "দেৱী- পূজা এড়ি সৱে লৈব কৃষ্ণ নাম” কথাটিহে যে ইয়াৰ প্ৰাণ-বস্তু তাক স্বীকাৰ নকৰি নোৱাৰিব।
একুৰি এবছৰত কৰা দৌল (ফাকুৱা) উৎসৱৰ পাতনি শঙ্কৰদেৱৰ অসমত পতা নতুন অনুষ্ঠান (ৰা-চ, ১৬৩১-৫২)। ইয়াৰ তলে তলে শঙ্কৰদেৱৰ সংসাৰৰ বিষয়-আশয়ৰ প্ৰতি বিৰক্ত বাঢ়িবলৈ ধৰিলে আৰু তাৰ প্ৰমাণ স্বৰূপে ফাকুৱাৰ নতুন আনন্দ-উৎসৱৰ পাছতেঃ