পৃষ্ঠা:Yugnayak Sankardeva.djvu/১২২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৪
যুগনায়ক শঙ্কৰদেৱ

নাৰায়ণৰ ১৩৯০-১৪০১ ৰ ভিতৰত দিয়া দুখন প্ৰাকশঙ্কৰী তামৰ ফলিত বৈষ্ণৱ ধৰ্মৰ উল্লেখ আছে। ইয়াৰ প্ৰথমখনৰ প্ৰথম ছোৱাত “নমো গণপতয়ে বন্দে” বুলি গণেশ, বাসুদেৱ, শিৱ, পাৰ্বতী আদি আটাইকে প্ৰণাম জনাই শেষৰ ছোৱাত সধয়াপুৰীৰ সত্যনাৰায়ণ বুলি শাসনদাতা ৰজা জনৰ চিনাকি দিছে। দ্বিতীয়খন ফলিয়েও তেনেকৈয়ে “গণেশং কাৰ্য্যসিদ্ধাৰ্থং দেৱাসুৰম্ সমস্কৃতম্ পাৰ্বতী- হৃদয়ানন্দম্” বুলি আৰম্ভ কৰি শাসন-দাতা ৰজা সত্যনাৰায়ণৰ পুতেক লক্ষ্মীনাৰায়ণৰ চিনাকি দিছে; আৰু সাণ্ডিল্য গোত্ৰৰ ব্ৰাহ্মণ, বাসুদেৱৰ সেৱক আৰু হৰিৰ পুতেক, ৰতিদেৱক ১৩২৩ শকৰ বিযুৱৰ ( বিহুৰ) পৱিত্ৰ দিনত এই শাসন দান কৰা হৈছিল বুলিছে। সম্ভৱ সধয়াপুৰী বৰ্তমান সদিয়া আৰু তাৰ ৰজা কোনোবা চুটিয়া বংশী; তেন্তে প্ৰসিদ্ধ তাম্ৰেশ্বৰী মন্দিৰৰ কেচাইখাতী গোসানীৰ ভক্ত শাক্ত চুটিয়া ৰজাসকলে শঙ্কৰদেৱৰ জন্মৰ আঢ়ৈ কুৰি বছৰ মানৰ আগতেই বৈষ্ণৱ ধৰ্মৰ প্ৰতি আস্থাৱান হৈ উঠিছিল।

 কালিকা পুৰাণৰ কাল দশম আৰু যোগিনী তন্ত্ৰৰ কাল চতুৰ্দশ শতিকাৰ পাছ নহব নিশ্চয়। কালিকা পুৰাণত তান্ত্ৰিক ধৰ্মৰ ভৰা সুতিৰ প্ৰায় সমান্তৰালভাৱে কিন্তু বিপৰীতমুখে নৱ বৈষ্ণম ধৰ্মৰ চিৰচিৰকৈ বোৱা এটি নতুন সুতি তলত উদ্ধৃত কৰা শ্লোকবোৰৰ পরা অনুভৱ কৰিব পাৰি। কালিকা পুৰাণৰ প্ৰথম অধ্যায়ৰ প্ৰথম শ্লোকৰ পৰাই ছেগা-চোৰোকাকৈ এনেবোৰ শ্লোক পোৱা হয় :

“যদ্ যোগিতি ৰ্ভৱভয়াৰ্ত্তিবিনাস যোগ্য-
মাসাদ্য বাদিতমিতি ৱাৰক্ৰচিত্তৈঃ।
তদ্বৎ পুনাতু হৰিপদসৰোজযুগ্মঃ মভি-
ৰ্ভৱৎ ক্ৰমাবিলম্বিত ভুৰ্ভুৱস্ব॥’’ ১৷১।

“শঙ্ক-চক্ৰগদাপদ্মপাণিঃ কায়ঃ সবৈষ্ণৱঃ।” (১২৷৩১)।
“হিৰণ্যকশিপুৰ্জঘ্নে নৰসিংহঃ সৰূপিন্।” (১৩৷২৬)।