সমললৈ যাওক

পৃষ্ঠা:Swagatam Pariksha.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অধ্যয়ন আৰম্ভণৰ আগকথা

 পৰীক্ষা সম্পৰ্কে বিভিন্ন দিশত আলোচনা কৰাৰ পিছত এতিয়া আমি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সম্পৰ্কে কিছু বহলাই আলোচনা কৰিব পৰা হৈছো। পৰীক্ষাত সফলতা লাভ কৰাৰ মূল সঁচাৰ কাঠি হ’ল পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি পৰীক্ষাগৃহত পৰীক্ষা লিখি শেষ কৰালৈকে এক বিস্তৃত, নিখুঁত, আৱশ্যক অনুযায়ী সালসলনি কৰিব পৰা, দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী পৰিকল্পনাৰ প্ৰস্তুতি। অৱশ্যে ইয়াত পৰীক্ষা বোলোতে এনেবোৰ পৰীক্ষাৰ কথাহে বিবেচনা কৰা হৈছে যিবোৰৰ জৰিয়তে ভৱিষ্যতে জীৱনত কামত আহিব পৰা কিছুমান প্ৰমাণপত্ৰ পোৱা যায় অথবা তাৰ সহায়ক হয়। উদাহৰণস্বৰূপে, উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা, স্নাতক পৰীক্ষা ইত্যাদি। মাজতে পতা ছমহীয়া পৰীক্ষা, বছৰেকীয়া পৰীক্ষা, শ্ৰেণীৰ পৰীক্ষা আদি এই আলোচনাৰ পৰা বাদ দিয়া হৈছে। অৱশ্যে এনেবোৰ পৰীক্ষাত প্ৰাপ্ত নম্বৰ বা গ্ৰেড যদি শিক্ষান্ত পৰীক্ষাসমূহৰ নম্বৰ বা গ্ৰেডত বিবেচ্য হয় তেন্তে, এনেবোৰ পৰীক্ষাও আমি গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগিব আৰু হ্ৰস্বম্যাদী পৰিকল্পনাৰ জৰিয়তে ইয়াৰ বাবে প্ৰস্তুতি চলাব লাগিব। সম্প্ৰতি এনেবোৰ পৰীক্ষাৰ কথা বাদ দি শিক্ষান্ত পৰীক্ষাসমূহৰ পৰিপ্ৰেক্ষিতত আমাৰ আলোচনা আগবঢ়াওঁ। প্ৰতিটো পৰীক্ষাৰ ক্ষেত্ৰত মুখ্য বিবেচ্য বিষয়সমূহ হ’ল এক নিৰ্দিষ্ট পাঠ্যক্ৰম, শিক্ষা গ্ৰহণৰ সময়, শিক্ষা প্ৰদানকাৰী অনুষ্ঠান তথা শিক্ষকসকল, পাঠ্যপুথি তথা প্ৰসংগ পুথিসমূহ আৰু পৰীক্ষাৰ প্ৰশ্নকাকত তথা পৰীক্ষা লিখা কাৰ্য। ইয়াৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ অংগ হ’ল শিক্ষাপ্ৰদানকাৰী অনুষ্ঠান তথা ইয়াৰ শিক্ষকসকল। আন প্ৰায় সকলোবোৰ বিষয় এই অনুষ্ঠানেই পৰিচালনা কৰে আৰু সেই হিচাপে ইয়াৰ পৰিচালক তথা শিক্ষকসকলেই ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীসকলৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ ব্যক্তি। ছাত্ৰ- ছাত্ৰীসকলক পৰীক্ষাৰ বাবে সাজু কৰি উলিয়াই দিয়াৰ বাবে শিক্ষকসকলেই দৰাচলতে সম্পূৰ্ণৰূপে দায়বদ্ধ। পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বিষয়সমূহৰ খৰচি মাৰি শিক্ষা প্ৰদান কৰাৰ উপৰিও পাঠ্যপুথি তথা প্ৰসংগ পুথি সম্পৰ্কে তথ্য প্ৰদান কৰা, পৰীক্ষাৰ প্ৰশ্নকাকত আলোচনা কৰা, অধ্যয়ন আৰু পৰীক্ষা লিখা পদ্ধতিৰ ওপৰত উপদেশ প্ৰদান কৰা তেওঁলোকৰ কৰ্তব্য। কিন্তু বহু ক্ষেত্ৰত বিভিন্ন সামাজিক বা ব্যক্তিগত কাৰণত

শিক্ষকসকলে শিক্ষা প্ৰদানৰ এই সকলোবোৰ কাম সম্পূৰ্ণৰূপে পালন কৰিবলৈ অসমৰ্থ

১৭