পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৭
ৰাম লক্ষ্মণক নিদিয়াত ঋষিৰ কোপ আৰু ৰাম লক্ষ্মণক লৈ ঋষিৰ গমন।

সমজ্যাৰ লোক,  পাতক ছাৰোক,
ডাকি বোলোঁ ৰাম ৰাম॥

ৰাম লক্ষ্মণক নিদিয়াত ঋষিৰ কোপ
আৰু ৰাম লক্ষ্মণক লৈ ঋষিৰ গমন।

পদ।

দশৰথ নৃপতিৰ শুনিয়া বচন।
মহাকোপ কৰি বোলে গাধিৰ নন্দন॥
ৰঘুৰ বংশত তুমি ভৈলা উতপতি।
ধৰ্ম্মশীল হুয়া অধৰ্ম্মত কৈলা ৰতি॥
পুত্ৰৰ স্নেহত মোৰু কৰস নৈৰাশ।
মিছা মোহজালে পৰি কৰ ধৰ্ম্মনাশ॥
নজানস কত গুণ আছয় ৰামত।
বাহুবলে জিনিব পাৰে ত্ৰিজগত॥
ৰাক্ষস মাৰিব ৰামে ইতো কোন কাজ।
বিমুখ কৰহ ৰাজা দিয়া মোক লাজ॥
কপটে ভণ্ডিয়া মোৰ আশা কৰ ভঙ্গ।
সবংশে নশিবে পুনু মোৰ ভৈলে খঙ্গ॥
আছন্ত বশিষ্ঠ তোৰ মন্ত্ৰণাৰ বাস।
তাৰ বোলে অপমান আমাক লগাস॥
সত্যে সত্যে বোলোঁ ৰাজা মই নিষ্ঠকৰি
নিদিলি নামক যাওঁ ক্ৰোধে পৰিহৰি॥
নিষ্ঠুৰ বচন ৰাজা শুনিয়া মুনিৰ।
পৃথিবী কম্পন যেন গাৱ নোহে স্থিৰ॥
আছোক নৃপতি চৰাচৰ কম্পি গৈল।
প্ৰলয়ৰ কাল যেন উপগত ভৈল॥

১৩