এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
মাৰীচ সুবাহু বধাৰ্থে ৰাম লক্ষ্মণক আনিবলৈ বিশ্বামিত্ৰৰ আগমন।
সৈন্য সমে গৈয়া ৰাক্ষক মাৰিয়া,
ৰাখিবোঁ যজ্ঞ তোমাৰ।
আপুনি চলিবোঁ, ৰামক নেদিবোঁ,
বুলিলোঁ দৃঢ় বচন।
শুনি বিশ্বামিত্ৰ, ৰাজাক বোলন্ত,
নুবুজি তোমাৰ মন॥
ৰামত বিনাই ৰাক্ষস মাৰিতে
শকতি আছে কাহাৰ?
আমাক ভাণ্ডিয়া বচন বোলাঁহা,
বুজিলোঁ বোল তোমাৰ॥
ৰামক নিদিয়া আশা ভঙ্গ কৰি,
পালটি পঠোৱা মোক।
কোপ দেখি ৰাজা বোলে যোৰহাতে
মহাঋষি শুনিয়োক॥
তোমাৰ ক্ৰোধত কম্পে তৰতৰি
ব্ৰহ্মা আদি দেৱগণ।
হেনয় তোমাৰ আগে কোন হওঁ
আমি অতি অল্পজন॥
কত দুখে মই পাইলোঁহো ৰামক
দেৱতা সবৰ বৰে।
তোমাৰ লগত তাক পঠাই দিলে,
মাৰিবেক নিশাচৰে॥
ধনজম যত, প্ৰাণত কৰিয়া,
ৰামেসে অতি প্ৰধান,
একক্ষণ মান দেখিতে নাপাইলে
নবহে মোৰ পৰাণ॥।
হেনয় ৰামক কিমতে পঠাইবোঁ
ৰাক্ষসক যুজিবাক।