স্বপনত লব্ধ ধনুশৰ আনি দিল।
দেখি সমস্তৰ মনে বিস্ময় মিলিল॥
ভৰদ্বাজ ঋষি ধনু দেখি বিদ্যমান।
অদ্ভুত মানিয়া মনে কৰিলন্ত ধ্যান॥
জানিলন্ত ঋষি ৰাম নুহিক মানুষ।
ভৈলা অৱতাৰ বিষ্ণু পৰম পুৰুষ॥
দিলন্ত অজয় ধনুৰ্ব্বাণ দেৱৰাজে।
বধিবন্ত ৰাৱণক সংগ্ৰামৰ মাজে॥
জানি মহামুনি মনে ভৈল কৌতুহল।
পাচে ৰামচন্দ্ৰক স্বপ্নৰ দিলা ফল॥
স্বপত তোমাক ধনু দিলা পুৰন্দৰ।
জিনিবা শত্ৰুক যশ বাঢ়িব বিস্তৰ॥
নপাৰি কহিবে ৰাম তোমাৰ মহত।
স্বপ্ন শুনি হাসিলন্ত ৰাজা দশৰথ॥
ভৰদ্বাজ ঋষিক কৰিয়া সতকাৰ।
চাৰিপুত্ৰ সহিতে কৰিলা নমস্কাৰ॥
মাগিয়া মেলানি আতি বুলি প্ৰিয় বাণী।
পুত্ৰ সমে অযোধ্যাক গৈলা মহামানী॥
নিজ মন্দিৰত ৰাজা ৰৈল ৰঙ্গমনে।
মিলয় আনন্দ পুত্ৰমুখ দশৰনে॥
মহা গুণে গুণৱন্ত চাৰিও তনয়।
যত অস্ত্ৰ শস্ত্ৰ শাস্ত্ৰ চাৰিও জানয়।
কেৱল ধৰ্ম্মত মাত্ৰ ৰতি সৰ্ব্বক্ষণে।
কৰন্ত ভকতি নিতে ৰামৰ চৰণে॥
চাৰি ভাইৰ মাজে ৰামচন্দ্ৰ গুণে চাৰ।
তান্ত আতিশয় প্ৰীতি বাঢ়য় ৰাজাৰ॥
ৰামৰ সমান আৰু নাহি ত্ৰিভুবনে।
তাহান গুণৰ অন্ত কহিবেক কোনে॥
১২