পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
ৰামায়ণ।

ৰামক দেখিয়া মুনি ভৈলা ৰঙ্গমন।
কোলে লৈয়া ঋষিৰাজ কৰিলা শয়ন॥
নিদ্ৰা গৈলা ৰামচন্দ্ৰ ঋষিৰ লগত।
ইন্দ্ৰে সমে আসিলন্ত দেৱগণ যত॥
ৰামক কৰিলা অভিষেক পূৰন্দৰ।
মন্ত্ৰে সমে দিলা সবে দিব্য ধনুশৰ॥
পাচে ইন্দ্ৰে দিলন্ত ৰামক সমিধান।
এহি ধনুশৰে শত্ৰু কৰিবা নিৰ্জান॥
নানাদিব্য কামে ধনুৰ্বাণ অনুপাম।
মন্ত্ৰ সমে পায়া ৰঙ্গমন ভৈলা ৰাম॥
ধনুশৰ দিয়া চলি গৈলা দেৱগণ।
ৰাত্ৰি অৱসানে ৰাম পাইলন্ত চেতন॥
দেখস্ত হাততে আছে দিব্য ধনুশৰ।
কৰে ফটফট মনে মন্ত্ৰ নিৰন্তৰ॥
দেখি ধনুৰ্ব্বাণ ঋষি ৰামৰ হাতত।
পৰম বিস্ময় ভৈল মুনিৰ মনত॥
প্ৰভাতে উঠিয়া ৰাম কৰিলন্ত স্নান।
ঋষি সমে দশৰথ ভৈলা একস্থান॥
কৰি কৰযোৰ ৰামচন্দ্ৰ মহাভাগে।
কহন্ত স্বপ্নৰ কথা দুহান্তৰ আগে॥
ঐৰাৱত স্কন্ধে আসিলন্ত পুৰন্দৰ।
মন্ত্ৰে সমে দিলা মোক দিব্য ধনুশৰ॥
দেৱগণ সবে আৰু বুলিলা বচন।
এহি ধনুৰ্ব্বাণে জিনিবাহা শত্ৰুগণ॥
এহি বুলি চলি গৈলা দেৱগণ যত।
জাগি দেখোঁ ধনুৰ্ব্বাণ আছয় হাতত॥
মনত সুমৰোঁ মহামন্ত্ৰগণ যত।
এহি বুলি ৰামচন্দ্ৰে দুহানো আগত॥