পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সাহিত্য-সংগ্রহ।

দুইকো মিহলাব লাগে, দুইৰো সামঞ্জস্য হব লাগে; নহলে আমাৰ জাতীয় জীৱনৰ শ্ৰীবৃদ্ধি হব নোৱাৰে; ই বৰ গুৰুতৰ কাম। এই বিষয়ত আমাক আৰ্হি লাগে; পথ দেখাওঁতা—আৰ্হি লাগে। আনন্দৰাম বৰুৱা অসমীয়াৰ আৰ্হি, পথ দেখাওঁতা—নতুন আৰু পুৰণিৰ সামঞ্জস্য লগোৱাৰ জ্বলন্ত দৃষ্টান্ত। অসমীয়াৰ ভিতৰত প্ৰথম বি-এ তেওঁ,—প্ৰথম বিলাতলৈ যাওঁতা তেওঁ,— প্ৰথম চিভিলিয়ান, প্ৰথম বাৰিষ্টৰ, প্ৰথম ডিষ্ট্ৰিক্ট মাজিষ্ট্ৰেট্ তেওঁ,—আজি কালিৰ এক মাথোন অগাধ সংস্কৃত পণ্ডিত তেওঁ,—এক মাথোন প্ৰথম শ্ৰেণীৰ গ্ৰন্থকাৰ তেওঁ। অসমীয়াৰ ভিতৰত যদি কোনোৱে বৰ মন দি কিতাপ পঢ়িবলৈ শিকিছিল, তেওঁ আনন্দৰাম; যদি কোনোৱে একেবাৰেই লক্ষ্মী আৰু সৰস্বতী দুইৰো বৰপুত্ৰ হব পাৰিছে, তেওঁ আনন্দৰাম। যদি কোনো অসমীয়াই জ্ঞান-চৰ্চ্চা আৰু কাম-চৰ্চ্চা দুইতো একেবাৰেই কৃতকাৰ্য্য হব পাৰিছে, তেওঁ কেৱল আনন্দৰাম। এলেহুৱা আৰু নিৰুৎসাহী অসমীয়াৰ মাজত আনন্দৰাম জ্বলন্ত উৎসাহ; অধ্যৱসায় আৰু স্বাধীন ভাৱৰ অৱতাৰ। এজনা মানুহতে ইমান গুণ কোন অসমীয়াৰ আছে? আনন্দৰামৰ আসন লব পাৰে এনে অসমীয়া এতিয়া ক’ত? এন্ধাৰ অসম আকাশত তেওঁ উজ্জ্বল তৰা আছিল। তেওঁৰ কাম, তেওঁৰ উৎসাহ, তেওঁৰ পৰিশ্ৰম, তেওঁৰ আকাঙ্খা, তেওঁৰ মনৰ তেজ—সকলো অসমীয়াৰে অনুকৰণৰ বস্তু। অসমীয়াই তেওঁৰ জীৱন বৰ আদৰ আৰু মনযোগেৰে চৰ্চ্চা কৰিব লগীয়া। চন্দ্ৰত কলঙ্কৰ দৰে আনন্দৰামৰ জীৱনতো যদি অলপ দোষ আছে, তাৰপৰা আমি বহুত উপদেশ পাব পাৰোহঁক। তেওঁ আমাৰ আৰ্হি,— পথ দেখাওঁতা,—জাতীয় যুদ্ধত সেনাপতি। অসমীয়াৰ বল নাই, সাহ নাই, সেনাপতি নাই, পদে পদে পৰাজয়। আসামৰ উন্নতি নাই নে কি? অসমীয়াৰ জাতীয় জীৱন নহব নে কি? অসমীয়াই জাতীয় যুদ্ধ জয় কৰিব নোৱাৰে নে কি?—ভয় নাই, বীৰৰ দৰে তেজ, সাহ আৰু উৎসাহেৰে জাতীয় যুদ্ধলৈ ওলোঁৱা—জাতীয় পতাকা আনন্দেৰে আকাশত উৰাই দিয়াঁ। তাত ডাঙ্গৰ ডাঙ্গৰ সোনোৱালি আখৰেৰে লিখি লোৱাঁ;—“আনন্দৰাম বৰুৱা, ভয় নাই, যুদ্ধ জয় হব।” জীয়াই থাঁকোতে তেওঁ যি ৰণ জিকিব নোৱাৰিলে, সেই ৰণ আজি তেওঁৰ দৃষ্টান্তই জয় কৰোক!