তাল ভাবক কাৰ্য্যত লগালে তাৰ উন্নতি হয় আৰু কি কেনেকৈ কৰিব লাগে তাক জানি নলগালে সেই ভাব অতি শীঘ্ৰে লোপ পাবৰ সংশয় থাকে। অঙ্ক কৰাৰ নিয়মটো শিকি অঙ্ক নকৰিলে নিয়মটোকে ভালকৈ বুজাই নহয়, বুজা হলেও বেগেতে পাহৰোঁহঁক; আন কি, নিয়ম বুজি অঙ্ক কৰি কিছু দিন ভালকৈ অভ্যাস কৰিলেও, কৰিবলৈ এৰি দিলে, কিছুদিনৰ পাচতে এটাইবোৰ পাহৰি পেলাওঁ, আকৌ নকৈ শিকিব লগা হয়। আত্মশিক্ষাৰ বিষয়তো এইটো কথাই খাটে; ভাল কি তাক জানি সেই জ্ঞানক সততে কামত লগাই থাকিলেহে জ্ঞানটো পকা হয়। আৰু তাক পোৱাৰো উপকাৰ হয়, নকৰিলে সি জ্ঞান হোৱা নোহাৱা সমান, সময়ত হাতে পোৱাত নথকাই হবগৈও পাৰে, আত্মশিক্ষাত মনেগায় লাগিব লাগে, ভিতৰৰ ভাবক বাহিৰৰ কামত দেখুৱাব লাগে, দেখুৱাটো একো বেয়া কথা নহয়। বাহিৰ জগতৰ সহায়ো আমাক লাগে। আৰু নিয়মিত পৰিমাণে লোৱাও উচিত, ঈশ্বৰে ভুল কৰি আমাক এই জগতত স্ৰজন কৰা নাই; বাজ ভিতৰ দুইটা মিলাই ৰাখিব পৰাইহে আমাৰো জ্ঞানৰ চিন।
আমাৰ মনে বহিৰ্জগতৰপৰা আৰু এবিধ সহায় বিচাৰে। যেই সেই এটা কাম কৰিবলৈ হলে অমুক দিনৰপৰা বা অমুক ঠাইলৈ গলে ইয়াক কৰিবলৈ আৰম্ভ কৰিম, এনে এটা ভাব আমাৰ মনলৈ আহে। এনে ভাব আমাৰ মনৰ দুৰ্ব্বলতা হলেও সি স্বাভাবিক। সেই কাৰণে মনে অকলৈ শকত নহৈ এনেকুৱা অলপীয়া সহায়ো যিফেৰা বিচাৰে, তাকো নিঘিণাই নিয়মীয়াকৈ দিয়া উচিত। মনৰ দুৰ্ব্বলতা গুচাব পৰাটো অৰ্থাৎ এনে কথাই আত্মশিক্ষাত ভেঁটা নিদিয়াকৈ ৰাখিব পৰাটো অতি সুন্দৰ কথা; কিন্তু যেতিয়া নোৱাৰা তেতিয়া তাক বলেৰে গুচাবলৈ গলে বিঘিনি হে হব পাৰে। এই বিধৰ সহায় মনক দিবলৈ যাওঁতে অলপ সাৱধান হব লাগে; তাৰ গুণ বাস্তবিকে যিমান তাতকৈ সৰহ বুলিবলৈ মনক দিব নেলাগে। এনেবিলাক কথাই আমাক সোৱঁৰণি দিব পাৰে আৰু আলচা কামটি কৰিবলৈ ঠিক কৰি থোৱা সময় পালেহি বুলি মনত উৎসাহ জন্মাই দিব পাৰে, ইয়াতকৈ সৰহ একো কৰিব নোৱাৰে, আৰু ইয়াৰ অধিক পাবলৈ আশা কৰাও অনিষ্টৰহে মূল। আমি যাওঁ বুলিলে বাট দেখুৱাৰ পাৰে, বাট টুটোৱাৰ নোৱাৰে, বাট টুটোৱাৰ গৰাকী আমি হে। কাম