পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

১২৪ ৰামায়ণ। সখীগণ মাজহন্তে বাজ ভৈলা সতী। হবৰ পাশক যেন চলিলা পার্বতী ॥ দিশ পাশ প্রকাশিয়া শৰীৰ লয়। গজেন্দ্ৰৰ পাশে যেন হস্তিনী চায় ॥ ৰাজহংস লিনি আতি গতি লয়লাস। চলি যান্ত ৰতি যেন মদনৰ পাশ। ৰাঘৱৰ নিকট চাপিয়া বৰবালা। সাদৰে মাত দিলা সুবৰ্ণৰ মালা । বৰিল ৰামক আনন্দৰ নাহি পাৰ। চৰণত ধৰি কৰিলন্ত নমস্কাৰ । দেপি ৰামচন্ত্রে পাচে সীতাক আশ্বাসি। আপােনা পাশক চপাইল প্রভু হাসি। প্রকাশন্ত সীত। সতী ৰাঘৰৰ পাশে। চৰ পাশত যেন বােহিণী প্রকাশে। লক্ষীনাৰায়ণ দুই ভৈল এক থান। জগতৰ ভৈল আসি পবম কল্যাণ। সমস্ত লোকৰ ভৈল পৰম মঙ্গল। জয় জয় বুলি জোকাৰ সৰ্বজন। আকাশত থাকি দেৱগণ অসংখ্যাত। পুষ্প বৰষিলা ৰাম সীতাৰ মাথাত । দুন্দুভি বজায়। দেৱে কৰে জয় জয়। মুখ্য মুখ্য অপেখৰা কাছিয়া নাচয় । ত্রিজগত লােকৰ মিলিল মহােৎসৱ। দশদিশ ছানি মাত্র শুনি জয় ৰৱ । সার্থক লভিল বৰ মাৰ সীতা সতী। ভৈল আনল অতি জনক নৃপতি। ৰাজাগণে দেখে সীতা ৰামক বলি। বজ্রপাত ভৈল যেন সমৰে মৰিল।