পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১থর ৰামায়ণ । বিশ্বামিত্ৰ মাথা তুলিলন্ত হাস্য কৰি । ৰামৰ ভৰত থিৰ নোহে বসুন্ধৰী । ধন্ত টানিবাৰ দেখি হৰিষ সীতাক । পৃথিবী কম্পিতে চিত্ত ভৈল আৰৰাৰ ভৰি থিৰ নভৈলে নাপাইবে বল গাৱে । পৃথিবীক কাতৰ কৰিল। সীতা মাৰে । মাতৃ বহুমতী কৃপা কৰিয়োক মোক । থিৰ হয়া প্ৰভু ৰাঘৱক ধৰিয়োক । দিগগজসকল তুমি সবে হৈবা থিৰ । শুনিয়ো অনন্ত তুমি নালাৰিব। শিৰ । হে কুৰ্ম্ম ভালে অনন্তক ধৰিবাহা । দিগপালসফল স্বামীৰ হৈবা সহা ॥ এহি মতে সীতা হুয়া আছন্ত জাকুল। পাচে ৰামচত্ৰ জগতৰ আদি মূল ॥ গুণগাছ এৰি দিয়া টঙ্কাৰ কৰিলা । প্রচণ্ড শবদে আতি ব্ৰহ্মাণ্ড লৰিলা ॥ দশো দিশ ব্যাপি প্রতিধ্বনি গৈল বৰে । রাস তৈল সর্বজনে ঝেলে বস্ত্ৰ পৰে / সাতোখান স্বর্গ বাৰম্বাৰ লৰি গৈল। সপ্তদ্বীপা বনমতী টলমল ভৈল কাখৰ লপি সাতো সাগৰ খলকি। জলস্থ ভৈল ত্ৰাস প্রলয়ক শঙ্কি ॥ দিগগজসকল কম্পে তৰতৰিমান । মহাত্ৰাসে কম্পিল পাতাল সাতোখান ¢ কম্পিলত অনন্ত যতেক নাগগণ । কূৰ্ম্ম কম্পি ফোকাৰ তেজয় ঘনে ঘন ॥ মেক আদি কম্পিল যতেক গিৰিবৰ। শুরু হয়। কম্পে আতি দেৱাহৰ নৰ ।