পৃষ্ঠা:Su swasthyar aadhar.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯) কচু শাক ও পাতত দিয়া কচুৰথুৰী পিতিকা মাগুৰশিঙি,গৰৈ,আদিকাৱৈ মাছেৰেবনােৱা কচুৰ জালুকীয়া আঞ্জাখন সকলােৱে প্রিয় প্ৰচুৰ পৰিমাণে বিভিন্ন ভিটামিন, প্রটিন, আইৰণ, কেলচিয়াম, ফচফৰাছ ইত্যাদি বহুতাে উপাদানেৰে ভৰপূৰ কচু শাক ৰক্তহীনতা, উচ্চ, ৰক্তচাপ কৌষ্ঠকাঠিন্যত উপকাৰী আৰু চকুৰবাবেউপকাৰী।গভর্তী আৰু প্রসুতিৰ ৰক্তহীনতা দূৰ কৰে। মাগুৰ, শিঙি আৰু কাৱৈ মাছেৰে বনােৱা কচুৰ জালুকীয়া আঞ্জাখন প্রসুতিৰ গভায়শয় স্বাভাবিক অৱস্থালৈ ঘূৰি অহাত মহৌষধিৰ কামকৰে। ১০)মাটি কাদুৰিঃ ইয়াক মাতিকাদুৰী বুলিও জনা যায়। এন্টঅক্সিডেন্ট, ফ্লেভনইডছ ইত্যাদিৰে ভৰপুৰ মাটিকাদুৰি জণ্ডিচ, ডায়েৰীয়া, ডিচেন্তৰী, ডায়েবেটিচ, ধাতুৰােগ, স্নায়ু দুর্বলতা আদিত উপকাৰী। প্রসূতি মহিলাৰ দুগ্ধউপাদন বৃদ্ধি কৰাতােসহায়কৰে। ১১) চেংমৰাঃইয়াত প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে কৌষ্ঠকাঠিন্য, অশ্র, মেদবহুলতা, ডায়েবিটিছ, উচ্চ ৰক্তচাপ আদিত উপকাৰী। স্বাদত অলপ তিতা হােৱাৰ বাবে ৰক্ত শােধক আৰু কৃমি নাশক। 80