পৃষ্ঠা:Su swasthyar aadhar.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চনত “হােমিঅ’পেথি কেন্দ্রীয় পৰিষদ আইন প্রণয়ন কৰে আৰু “কেন্দ্রীয় হােমিঅ'পেথিক পৰিষদ”গঠন কৰে। ১৯৭৮ চনত হােমিঅ'পেথিক চিকিৎসা গৱেষণাৰ বাবে কেন্দ্রীয় হােমিঅ'পেথিক গৱেষণা পৰিষদ (CCRH) গঠন হয়। বর্তমানে কেন্দ্রীয় আয়ুসমন্ত্রণালয়ে হােমিঅ'পেথিক চিকিৎসাই দেশৰ স্বাস্থ্য ব্যৱস্থাত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি সফলতা লাভ কৰা বাবে হােমিঅ'পেথিক চিকিৎসাৰ বিশেষ সফলতা থকা ক্ষেত্রসমূহত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ২০০৭ চনত আৰম্ভ কৰা National Health Campaign on Homoeopathy for Healthy Mother and Happy Child আঁচনিখনে বিশেষ সফলতা লাভ কৰিছে। এই আঁচনিখনৰ জৰিয়তে গৰ্ভৱতী মহিলা আৰু শিশুসকলক হােমিঅ'পেথিক চিকিৎসা সেৱা আগবঢ়াই মাতৃৰ মৃত্যুৰ হাৰ (MMR) আৰু শিশুৰ মৃত্যুৰ হাৰ (IMR) কমাব পৰা যাব বুলি আশা কৰা হৈছে। সেইদৰে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কার্যক্রম’ (RBSK)ৰ জৰিয়তেও কেন্দ্রীয় চৰকাৰে স্কুলীয়া ছাত্র- ছাত্রীসকলক হােমিঅ'পেথিক চিকিৎসা সেৱা আগবঢ়াই আছে। এইদৰে কেন্দ্রীয় চৰকাৰ তথা আয়ুস মন্ত্রণালয়ে আমাৰ দেশত হােমিঅ'পেথিক চিকিৎসাৰ প্ৰসাৰৰ বাবে বিভিন্ন উদ্যোগ গ্রহণ কৰি এই চিকিৎসাৰ সাফল্যসমূহ জনসাধাৰণক দিবলৈ যত্ন কৰিছে। HPL GGSATU ফল অমর হলো নায়কা SE PHARMACOPOEA LABORATORY ২০১ Homoepathic Pharmacopoeia Laboretory