পৃষ্ঠা:Su swasthyar aadhar.pdf/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিকিৎসকৰ সান্নিধ্যত আহি চিকিৎসা বিজ্ঞানৰ কোনাে অর্থ তা অবিহনে (তেতিয়ালৈ ভাৰতবৰ্ষত কোনাে হােমিঅ’ চিকিৎসাৰ শিক্ষানুষ্ঠান গঢ়ি উঠা নাছিল) বিভিন্ন বেমাৰ হােমিঅ’ চিকিৎসাৰ দ্বাৰা আৰােগ্য কৰা দেখা গৈছিল। পণ্ডিত ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ, ৰাজা ছাৰ ৰাধাকান্ত দেৱ আদি গণ্যমান্য ব্যক্তি সকলেও তেওঁৰ ওচৰত চিকিৎসা কৰিছিবুলি জনা যায়। কি ন্তু ৰাজেন্দ্র লাল দত্ত ৰ হােমিঅ'পেথিক চিকিৎসা প্রণালীক সততে কটুক্তি কৰি অহা কলিকতাৰ এজন প্রসিদ্ধ এলােপেথিক চিকিৎসক ডাঃ মহেন্দ্র লাল। চিৰকাৰ, C.I.E., M.D., D.L.-এ এলােপেথিক চিকিৎসাৰ দ্বাৰা কোনাে আৰােগ্য হােৱাৰ সম্ভাৱনাই নথকা একোজন। ৰােগীয়ে এজন হােমিঅ'পেথিক বা আন চিকিৎসা শিক্ষা গ্রহণ নকৰা ব্যক্তিৰ ওচৰত আৰােগ্য হােৱা দেখি আচৰিত হৈ অৱশেষত দত্তৰ সৈতে যােগাযােগ কৰে আৰু গভীৰ অধ্যয়নত নিমগ্ন হয়। উল্লেখনীয় যে ১৮৩৩ চনত হাওৰাত জন্মগ্রহণ কৰা ডাঃ চিৰকাৰ ১৮৬৩ চনত পষ্ট গ্রেজুৱেট (এলােপেথি) পৰীক্ষাত প্রথম স্থান দখল কৰি উত্তীর্ণ। হৈছিল। অৱশেষত ডাঃ চিৰকাৰ হােমিঅ’ পেথিক চিকিৎসাৰ প্ৰতি এনেধৰণে আকৃষ্ট হয় যে তেওঁ এলােপেথিক চিকিৎসা বাদ দি হােমিঅ'পেথিক চিকিৎসা কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁ ভাৰতবৰ্ষৰ প্ৰথমজন অহর্তা সম্পন্ন (qualified) হােমিঅ'পেথিক চিকিৎসক হিচাপে স্বীকৃত হয়। ১৮৮১ চনৰ ১৬ ফেব্ৰুৱাৰীত ডাঃ পি চি মজুমদাৰ, ডাঃ মােহিনী মােহন বসু, ডাঃ ডি এন ৰয় আদিৰ প্ৰচেষ্টাত কলিকতাত “দি কেলকাটা হােমিঅ'পেথিক মেডিকেল কলেজ” স্থাপন কৰা হয়। ইতিমধ্যে জার্মানী, ফ্রান্স, ইংলেণ্ড, আমেৰিকা আদি দেশত এই পদ্ধতিক স্বীকৃতি প্রদান কৰা হয়। ভাৰতবৰ্ষতাে বংগ চৰকাৰে ১৯৩৭ চনত বেংগল লেজিলেটিভ এছেমব্লিত পাছ হােৱা সিদ্ধান্ত মর্মে ১৯৪৩ চনত প্ৰথমখন ‘হােমিঅ'পেথিক ষ্টেট ফেকাল্টি’গঠন কৰে। কেন্দ্রীয় চৰকাৰেও ১৯৪৮ চনত হােমিঅ'পেথিক শিক্ষা ব্যৱস্থাৰ উন্নতিৰ বাবে এখন হােমিঅ'পেথিক এনকোৱাৰি কমিটি গঠন কৰি দিয়ে আৰু উক্ত কমিটিয়ে ১৯৪৯ চনত চৰকাৰক ৰিপাের্ট দিয়ে। কেন্দ্রীয় চৰকাৰে ১৯৫৪ চনত ডাইৰেক্টৰ জেনেৰেল অব হে ল থ ছাভি ছ ক সভাপতি (Chairman) হি চাপে লৈ এখন ‘হােমিঅ'পেথিক এড়ভাইজৰী কমিটি গঠন কৰি দিয়ে। কিন্তু ১৯৫৬ চনত এই কমিটিখন নিজৰ হাতলৈ নি মিনিষ্ট্রী অব হেথৰ সচিবক সভাপতি হিচাপে নিয়ােগ কৰে। পিছলৈ এই কমিটিৰ পৰামর্শ অনুযায়ী কেন্দ্রীয় চৰকাৰে ১৯৬০ চনত ডাঃ কে জি চামেনাভক অনাৰাৰী হােমিঅ’পেথিক উপদেষ্টা (Advisor) হিচাপে নিযুক্তি দিয়ে। একেখন কমিটিয়ে “কেন্দ্রীয় হােমিঅ'পেথিক পৰিষদ” গঠন কৰাৰাে পৰামর্শ দিয়ে। প্রথম অৱস্থাত কেন্দ্রীয় চৰকাৰে আয়ুর্বেদিক, হােমিঅ'পেথিক আৰু ইউনানিক লৈ এটা পৰিষদ (council) কৰাৰ কথা ভাবিছিল যদিও হােমিঅ'পেথিৰ চিকিৎসা পদ্ধতিৰ মূল ধাৰণাটো (basic concept) বেলেগ হােৱা বাবে ১৯৭৩