পৃষ্ঠা:Su swasthyar aadhar.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হােমিঅ'পেথিক ঔষধৰ পাৰ্শ্বক্রিয়া (side effect of Homeopathic Medicine): হােমিঅ’পেথিক ঔষধসমূহ হেনিমেনে আগবঢ়োৱা নীতিৰ আধাৰত ব্যৱহাৰ কৰিলে ইয়াৰ কোনাে জনা পার্শ্বক্রিয়া হােৱা দেখা নাযায়। কাৰণ এই চিকিৎসাত ৰােগীৰ লক্ষণ সমষ্টিৰ লগত সাদৃশ্য থকা এটিঔষধঅতিসূক্ষ্ম মাত্ৰাতপ্রয়ােগকৰা হয় আৰুসঘনাইপুনঃ পুনঃ প্রয়ােগকৰানহয়। কিন্তু হােমিঅ’পেথিক ঔষধ কেতিয়াও চিকিৎসকে দিয়া পৰিমাণতকৈ বেছিকৈ খাব নালাগে আৰু ৰােগ বৃদ্ধি হােৱা যেন দেখিলেইঔষধ সেৱন বন্ধ কৰ্বি লাগে। একাংশ ব্যক্তিয়ে ক’ব বিচৰাৰ দৰে হােমিঅ'পেথিকঔষধত কোনাে ৰণৰ ষ্টেৰইড নাথাকে বা থাকিব নােৱাৰে। ৰােগত ভােগা দুজন ৰােগীৰ ঔষধ বেলেগ বেলেগ হ'ব পাৰে। হােমিঅ’পেথিক চিকিৎসা হ’ল এটি বৈজ্ঞানিক চিকিৎসা পদ্ধতি যাৰ নেপথ্যত আছে যুক্তিবাদী দর্শন আৰু প্রায়ােগিক শিল্পকলা। হােমিঅ’পেথিক চিকিৎসাত অন্যান্য চিকিৎসা পদ্ধতিৰ দৰে ৰােগৰ নামৰ (Nosological name) বিপৰীতে কোনাে ঔষধ নাথাকে। এটি বিশেষ ৰােগৰ বাবে বিভিন্ন ৰােগীক বিভিন্ন ঔষধৰ প্ৰয়ােজন হ'ব পাৰে। হােমিঅ’পেথিক চিকিৎসাত ৰােগীৰ মানসিক, শাৰীৰিক, আধ্যাত্মিক আদি সকলাে দিশৰ প্ৰতি গুৰুত্ব প্রদান কৰি চিকিৎসা প্রদান কৰা হয়। হােমিঅ’পেথিক চিকিৎসাৰে ৰােগীক কষ্টহীনভাৱে, সম্পূর্ণকৈ স্থায়ীভাৱে আৰু কম খৰচেৰে চিকিৎসা কৰিব পাৰে। আনহাতে এন্টিবায়টিক ব্যৱহাৰৰ ফলত মানৱ শৰীৰত সেই ঔষধৰ বিৰুদ্ধে যি প্ৰতিৰােধ শক্তি গঢ়ি উঠে সেয়া হােমিঅ'পেথিক ঔষধৰ ক্ষেত্ৰত নহয়। সেই ফালৰ পৰা হােমিঅ'পেথিক চিকিৎসা যথেষ্ট নিৰাপদ। কিন্তু এই ঔষধ যদি নীতিবহিভূত ভাবে ব্যৱহাৰ কৰা হয় তেনেহলে ইয়াৰৰ প্রতিক্রিয়া হ’ব পাৰে। এইক্ষেত্ৰত ৰােগীসকল সচেতন হােৱাদৰকাৰ আৰু সদায় অৰ্হতাসম্পন্ন আৰু পঞ্জীয়নভুক্ত চিকিৎসকৰ পৰামর্শ মতে ঔষধ সেৱন কৰিব লাগে। ৫ হােমিঅ'পেথিক চিকিৎসাৰ মূল বৈশিষ্টসমূহ (Significance of Homoeopathy): হােমিঅ’পেথিক চিকিৎসাই ৰােগীৰহে চিকিৎসা কৰে, ৰােগৰ নহয় (Treats the patient not the disease.) হােমিঅ’পেথিক চিকিৎসাত সম্পূর্ণ ব্যক্তিৰ ধাৰণাৰে(Holistic concept) গােটেই মানুহজনক চিকিৎসা কৰা হয় (Treats the patient as a whole); শৰীৰৰ অংগ বিশেষৰ নহয়। হােমিঅ'পেথিক চিকিৎসাতব্যক্তিকীকৰণ বা ব্যক্তি পৃথকীকৰণ নীতিৰে (Individualisation) cosportal বােগীকে গাইগুটীয়াভাৱে গণ্য কৰি চিকিৎসা কৰা হয়। সেয়ে একেধৰণৰ ১৯৪