পৃষ্ঠা:Su swasthyar aadhar.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. হােমিঅ'পেথিক চিকিৎসা কার্যক্ষেত্র (Scope of Homoeopathy): হােমিঅ'পেথিক চিকিৎসাই ৰােগ আৰােগ্য কৰা, উপশম দিয়া, প্রতিবােধ কৰা আৰু প্ৰতিষেধক ঔষধ দিয়া, সকলাে দিশতে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। হেনিমেনৰ মতে যেনেকৈ দুটা বিন্দুৰ মাজেৰে মাত্ৰ এডালহে সৰলৰেখাহে টানিব পাৰি, সেইদৰে হােমিঅ'পেথি এনে এটা চিকিৎসা পদ্ধতি যিয়ে সদৃশ নীতিৰ আধাৰত ৰােগ আৰােগ্য কৰিব পাৰে। বিশেষকৈ প্রকৃত চিৰৰােগ (True Natural Chronic Diseases) সমূহ হােমিঅ’পেথিক চিকিৎসাৰে আৰােগ্য হােৱা দেখা যায়। হােমিঅ'পেথিক চিকিৎসাৰে বহুতাে আৰােগ্যহীন ৰােগৰকষ্টকৰলক্ষণসমূহৰ কোনাে পার্শ্বক্রিয়া নােহােৱাকৈ উপশম কৰিব পাৰি। হােমিঅ'পেথিক চিকিৎসাৰে বহুধৰণৰ

    • 673 Catst (surgical disease)

অস্ত্রোপচাৰ নকৰাকৈ আৰােগ্য কৰিব পাৰি। যেনে, কাঠ অচিনা (warts), শিঙাল(corn), কেঁচুমুৰীয়া, অর্শ,বৃক্কৰ পাথৰী (Renal Stones), গর্ভাশয়ৰ ফাইব্র’ইডি(Uterine Fibroid),নাকৰ পােলি পাচ (nasalploypus), স্তনৰফাইব্র’ এডিনমা (Fibroade noma of breast), কোল্ড এবচেছ। (cold abscess) ইত্যাদি। হােমিঅ'পেথিক চিকিৎসাৰ দ্বাৰামহিলাৰ ঋতুস্ৰাৱজনিত আৰু মেনােপজৰ সময়ত হােৱা বিভিন্ন ৰােগ সফলভাৱে চিকিৎসা কৰি আৰােগ্য কৰিব পাৰি। শল্য চিকিৎসা কৰাৰ আগত আৰু শল্য চিকিৎসাৰ পিছত দেখা দিয়া একাংশ সমস্যা হােমিঅ'পেথিক চিকিৎসাৰে নির্মূল কৰিব পাৰি। বহুধৰণৰ হৰম'নৰ সমস্যাজনিত ৰােগ যেনে— মেনোেপজৰ সমস্যা, পলিচিম্‌টিক ওভেৰিয়ান ছিদ্র’ম, হট ফ্লাচেছ, হাইপাে আৰু হাই পাৰ থাইৰইডিজম্ আদিৰ চিকিৎসা কৰিব পৰা যায়। আজিৰ ব্যস্ততাপূর্ণ জীৱনৰ বাবে সৃষ্টি হােৱা জীৱনশৈলী জনিত’ (Life style) বহুৰােগ যেনে— মেদবহুলতা, মানসিক উত্তেজনা,হতাশগ্রস্থতা, পুৰণি কঁকালৰ বিষ, চিঅপিডি, উচ্চৰক্ত চাপ আদি ৰােগৰ হােমিঅ'পেথিক চিকিৎসা কৰিব পাৰি। হােমিঅ'পেথিক চিকিৎসাৰ দ্বাৰা গৰ্ভৱতীমাতৃ আৰু শিশুৰ বিভিন্ন ৰােগৰ চিকিৎসা প্রদান কৰি মাতৃৰ মৃত্যু হাৰ (MMR) আৰু শিশুৰ মৃত্যুৰ হাৰ (IMR) বহুপৰিমাণে কমাব পাৰি। ০