পৃষ্ঠা:Su swasthyar aadhar.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭. কদম্ব Anthocephalus indicus (Rubiaceae) কদম্ব ছাল বাতজনিত বিষত উপকাৰী।অতিমাত্রা প্ৰেসাৱ হােৱা ৰােগীয়ে কদম্বৰ ছাল ৫ ৰ পৰা ১০ গ্রাম ৫০০ মি.লি. পানীৰ লগত সিজাই খালে। মূত্ৰৰ পৰিমান কম হয়। কদম্বৰ ফলৰ ৰস ২ ৰ পৰা ৪ চামুচ জ্বৰ জনিত তৃষাত দিব পাৰি। ২৮. ছালকুঁৱৰী Aloe berbadalcis| ইয়াৰ পাতৰ ৰস ২ ৰ পৰা ৪ চামুচ প্রতিদিনে (Liliaceae) খুৱালে জণ্ডিচ ৰােগ উপশম হয়। যকৃত হাজনিত ৰােগত মহিলাসকলৰ মাহেকীয়া সমস্যাত পাতৰ ৰস ২ ৰ পৰা ৪ চামুচ, কেচা হালধীৰ ৰস ২ ৰ পৰা ৪ চামুচ একেলগে মিহলাই খুওৱা হয়। জুয়ে পােৰা অংশত ছালকুৱৰী পাতৰ সৈতে জিৰা থেতেলাই পিছি খুৱালে জ্বলন বেদনা কমে। ২৯. দুবৰি Cynodon dactylon নাক, মুখ আদিৰ পৰা তেজ ওলােৱা আৰুৰক্তক্ষৰণ (Poaceae) হােৱা ৰােগত দুবৰিৰ ৰস ২ ৰ পৰা ৪ চামুচবটগছৰ পাতৰ ৰস ২ ৰ পৰা ৪ চামুচৰ সৈতে সেৱন কৰিব লাগে। দুবৰিৰ ৰস ঘিউৰ লগত মিহলাই ওঠৰ কাষত হােৱা জ্বৰশুং আদি ঘাত লগাব পাৰি। ঋতুস্ৰাৱ বা গর্ভপাতৰ সময়ত বেছিকৈ ৰক্তক্ষৰণ হলে ২ৰপৰা ৪ চামুচউলিয়াইখাব লাগে। ৩০. খৰপাত Cassia tora খৰ-খজুৱতি আদি ছালৰ বেমাৰত পাতৰ ৰস ২ ৰ (Papilionaceae) পৰা ৪ চামুচ বা তেলৰ লেপ ব্যৱহাৰ হয়। মূৰৰ বিষত এইগছৰ গুটি গুড়ি ১ ৰ পৰা ৩গ্রাম,পানীৰ লগত সিজাইখালে সুফল পােৱা যায়। ৩১. ধতু Datura metal (Solanaceae) ধতুৰা পাতৰ ধােৱা সেৱন কৰিলে হাপানী ৰােগত হােৱা স্বাস কষ্টত তাৎক্ষণিক পৰিত্ৰাণ পাব পাৰি। পেটৰ বিষ, বৃক্কজনিত বিষৰ লগতে অন্যান্য গাঠিত হােৱা বিষত ইয়াৰ ব্যৱহাৰ হয়। জলংক, ধনুর্বাত আদিতাে ব্যৱহাৰ হয়।