পৃষ্ঠা:Su swasthyar aadhar.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২. বচ Acorus calamus (Araceae) বচৰ কন্দৰ গুড়ি ৫০০ মি.লি. গ্রামৰ পৰা ১ গ্রাম সমপৰিমানৰ মৌৰ লগত মিহলাই মৃগীৰােগত খাবলৈ দিয়া হয়। শৰীৰৰ যিকোনাে অংশ ফুলিলে বচৰ কৰ লগত সৰিয়হ থেতেলাই লেপ লগাব লাগে। ৩৩. ব্রাহ্মী Bacopa monnieri (Scrophulariaceae) স্মৃতিবর্ধক হিচাপে পাতৰ ৰস ২ ৰ পৰা ৪ চামুচ উলিয়াই সমপৰিমানৰ ঘিউৰ লগত ল'ৰা- ছােৱালীক খুৱাব পাৰি। মানসিক বেমাৰত আৰু মৃগীবেমাৰত ইয়াৰ ৰস ২ ৰ পৰা ৪ চামুচ প্রতিদিনে সেৱন কৰিব পাৰি। ৩৪. ভূমি আমলখি Phyllanthus niruri (Euphorbiaceae) যকৃত বা পীহাজনিত ৰােগ, জণ্ডিছ, মেলেৰিয়া, ৰক্তহীনতা, প্রস্রাৱৰ পৰিমান কমিলে, হাত-ভৰি ফুলা আদি ৰােগত সম্পূর্ণ গছডালৰ ৰস উলিয়াই ২ৰ পৰা ৪ চামুচ সেৱন কৰিব পাৰি। ৩৫. জামু Syzygium cumini (Myrtaceae) ৩৬, পচতিয়া Vitex negundo (Verbenaceae) জামুৰ গুটি গুৰি কৰি ১ ৰ পৰা ৩ গ্রাম লৈ ৫০০ মি.লি. পানীৰ লগত সিজাই বহুমূত্ৰ ৰােগীয়ে খালী পেটত নিত্য সেৱন কৰিব পাৰে। জামুৰ গছৰ ছাল পানীক লগত সিজাই মুখৰ ঘাত কুলকুলি কৰিলে সুফল পায়। তেজ, গ্রহণী, ঋতুস্ৰাৱত অধিক তেজ টোৱা আদিতাে ৩ ৰ পৰা ৬ গ্রাম ছাল পানীৰ লগত সিজাই খাব পাৰে। বিষজনিত ৰােগ যেনে- গাঠিৰ বিষ, ককালৰ বিষ, হাত-ভৰি কপা আদি সমস্যাত পচতিয়া গছৰ শিপাৰ গুড়ি ১ ৰ পৰা ৩ গ্রাম নিত্য সেৱন কৰিব লাগে। কাহ, হাপানি ৰােগত পচতিয়া গছৰ ৰস ২ ৰ পৰা ৪ চামুচ সমপৰিমানৰ মৌৰ লগত খাবলৈ দিয়া হয়। ১ ৰ পৰা ৩ গ্রাম শিপাৰ গুড়ি নিত্য সেৱন কৰিলে মৃগী বেমাৰৰ পৰা উপশম পাব পাৰি।