পৃষ্ঠা:Su swasthyar aadhar.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হয়। এই কোষ বিলাক সাধাৰণতে ছাল, খাদ্যনসী আৰু শ্বাস প্রশ্বাস তন্ত্ৰত বেছিকৈ থাকে। সেয়েহে এলার্জীৰ লক্ষণ সমূহ এই অংগসমূহ ত বেছিকৈ দেখা যায়। অত্যাধিক হিষ্টামিন নির্গত হােৱাৰ ফলত শৰীৰত এলার্জী উৎপন্ন হয় আৰু কেতিয়াবা অতি বেছি এলার্জী হৈ মানুহৰ শ্বাস-তন্ত্র আৰু হৃদ-ক্রিয়া বন্ধ হৈ মৃত্যু পৰ্য্যন্ত হ'ব পাৰে যাক Anaphylaxisবুলি কোৱা হয়। আগতে কোৱা হৈছে মানুহ এজনৰ এলার্জীৰ প্ৰভাৱ কম বা বেছি হােৱাটো নিৰ্ভৰ কৰে মানুহজনৰ ৰােগ প্ৰতিৰােধ ক্ষমতাৰ ওপৰত। আজিকালি অশুদ্ধ খাদ্যাভাস আৰ অশুদ্ধ জীৱনশৈলীৰ প্ৰভাৱত আমাৰ শৰীৰত পােষকত্বৰ অভাৱ পৰিলক্ষিত হােৱা দেখা যায় আৰু ইয়ে আমাক শাৰীৰিক আৰু মানসিক ভাৱে দুর্বল কৰি পেলায়। যাৰ ফলত আমাৰ শৰীৰ ৰােগ প্ৰতিৰােধী ক্ষমতা কমি যায় আৰু আমি বাবে বাবে বিভিন্ন এলার্জীৰ দ্বাৰা আক্রান্ত হওঁ। উদাহৰণ স্বৰূপে যদি মানুহ এজন কোনাে বেমাৰৰ ফলত দুর্বল হৈ পৰাে তেতিয়া মানুহজন খুব খিংখিঙিয়া স্বভাৱৰ হয় আৰু সৰু সৰু কথাতে খং উঠে। তেনেদৰে শৰীৰৰ ৰােগ প্ৰতিৰােধী ক্ষমতা দুর্বল হলে শৰীৰ অংগ প্রত্যংগ বিলাক খিংখিঙিয়া হয় আৰু অতি সংবেদনশীল। হয়। সৰু সৰু কিছুমান কাৰকৰ প্ৰভাৱত যেনে - ধূলি, ধোঁৱা, পাৰফিউম, ঠাণ্ডা বাতাবৰণ, ঠাণ্ডা পদার্থ, টেঙা পদার্থ সেৱন, গৰিষ্ঠ ভােজন ইত্যাদিৰ প্ৰভাৱত শৰীৰত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হয় আৰু অতি সংবেশীল হৈপৰে। এলার্জীৰ লক্ষণ সমূহৰ ফলত হ'ব পৰা বিভিন্ন লক্ষণ সমূহতলত দিয়া হল-

  • ছালত হোৱা লক্ষ ণ - ছাল।

বিজবিজোৱা, ৰঙা পৰা, খজুৱতি, ফুলি উঠা, পানী জোলা, ছাল উখহি উঠা ইত্যাদি।

  • মুখমণ্ডলত হােৱা লক্ষণ মুখমণ্ডল,

ডিঙি, চকুৰ, ওঁঠ, জিভা ফুলি বা উখহি উঠা, মাত ভাঙি যােৱা, মূৰৰ বিষ ইত্যাদি। নাকত হােৱা লক্ষণ-

  • নাকৰ ফুটা বন্ধ হৈ যােৱা, নাকৰ পৰা

পানী ওলােৱা, হাঁচি, নাক আৰু ডিঙিৰ পৰা ডাঠ বিজলুৱা পদার্থ ওলােৱাইত্যাদি।

  • চকুত হােৱা লক্ষণ- চকু ৰঙা পৰা,

খজুৱতি, চকুৰ পতা ফুলি যােৱা ইত্যাদি।

  • পাকস্থলীত হােৱা লক্ষণ- পেটৰ বিষ,

বমি ভাব, বমি, ডায়েৰীয়াইত্যাদি।

  • হাওঁফাওত পােৱা লক্ষণ- হাঁফাওঁৰ

পৰা সোঁ-সোঁ শব্দ হােৱা, দীঘলকৈ উশাহ লােৱা, শ্বাস কষ্ট, মৃত্যু ইত্যাদি।

  • অন্য লক্ষণ ভাগৰুৱা বা অৱশতা, মূৰ

ঘূৰােৱা, মূৰ পাতল লগা, অজ্ঞান হৈ যােৱা, গােচেই শৰীৰত ৰঙা চকলা চকল দাগ লগতে খুজৱতি ইত্যাদি। ৫ এলার্জেনৰ প্ৰকাৰ আৰু মানুহজনৰ ৰােগ প্ৰতিৰােধী ক্ষমতা অনুযায়ী লক্ষণ সমূহাে ভিন ভিন হয় । ওপৰােক্ত লক্ষণ সমূহৰ যিকোনাে লক্ষণ দেখা দিলেই চিকিৎসকৰ ওচৰ চপা উচিত। কাৰণ অতি খুব কম সময়ৰ ভিতৰতে ভয়ানক ৰূপ লব পাৰে।